২৬ অক্টোবৰৰ পৰা গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা

Dainik Janambhumi September 22, 2026

ডিজিটেল ডেস্ক: সংগীত যি ভাষাৰেই নহওক কিয় ইয়াৰ অন্তৰালত নিহিত থকা সুৰে ভৌগোলিক সীমা অতিক্ৰম কৰি গ্ৰহণ কৰে সার্বজনীন ৰূপ। সংগীতৰ এই সাৰ্বজনীন ৰূপক সংগঠিত আৰু প্ৰণালীবদ্ধ ব্যৱস্থাৰে সকলোৰে বাবে গ্রহণীয় কৰি তোলাৰ লক্ষ্যৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতৰ শিক্ষার্থীসকলৰ বাবে ছেভেন ছিষ্টাৰ্ছ কনজার্ভেটৰীয়ে ২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অভিনৱ আন্তঃৰাষ্ট্ৰীয় সংগীত কৰ্মশালাৰ আয়োজন কৰিবলৈ আগবাঢ়িছে। এই ছদিনীয়া কার্যসূচীত সপ্তম শ্ৰেণীৰ পৰা স্নাতক চূড়ান্ত বর্ষলৈকে অধ্যয়নৰত শিক্ষার্থীসকলে ভাগ ল'ব পাৰিব। এইবেলি অংশগ্ৰহণকাৰীৰ সংখ্যা ৫০ জনত সীমিত থাকিব। 

বিশ্বমানৰ কনজার্ভেটৰী শৈলীৰ প্ৰশিক্ষণৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ যুৱ সংগীত প্রতিভাৰ বিকাশ ঘটোৱাই এই কাৰ্যসূচীৰ মূল লক্ষ্য। বিশ্ববিখ্যাত বার্নার্ডি মিউজিক গ্রুপ এই উদ্যোগৰ উদ্যোক্তা। গ্ল'বেল আছামিজ এনগেজমেন্ট ইনিচিয়েটিভ, এলায়েন্স ফৰ কমিউনিটি কেপাচিটি বিল্ডিং ইন নর্থ-ইষ্ট ইণ্ডিয়া আৰু মিডিয়া সহযোগী দূৰদৰ্শনৰ সহযোগত এই কর্মশালা ৰূপায়ণ কৰা হ'ব। অংশগ্ৰহণকাৰীসকলে বিশ্বজুৰি সমাদৃত পাঁচগৰাকী বিশিষ্ট সংগীতজ্ঞৰ পৰা পোনপটীয়াকৈ শিক্ষা গ্ৰহণৰ এক দুর্লভ সুযোগ লাভ কৰিব। প্রশিক্ষকমণ্ডলীত থাকিব ট্রিনিটি লাবানৰ প্ৰশিক্ষক তথা বার্নার্ডি মিউজিক গ্ৰুপৰ প্রতিষ্ঠাপক এণ্ড্ৰিউ বার্নাৰ্ডি আৰু ৰয়েল এলবার্ট হলত সংগীত পৰিৱেশন কৰা প্ৰশংসিত টেনৰ আনন্দ মুখার্জীৰ দৰে বিশিষ্ট সংগীতজ্ঞ। ভায়'লিন, ভায়'লা, চেলো, পিয়ানো, সমবেত সংগীত আৰু কণ্ঠসংগীতকে ধৰি শাস্ত্রীয় সংগীতৰ বিভিন্ন শাখাত বিশেষজ্ঞই প্রশিক্ষণ দিয়াৰ লগতে লোকসংগীত আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰত পাৰদৰ্শী শিল্পীসকলকো কনজার্ভেটৰীয়ে বিশেষভাৱে আমন্ত্রণ জনাইছে।

ৰয়েল কলেজ অব্ মিউজিক, চেথামছ স্কুল অব্ মিউজিক আৰু এ বি আৰ এছ এমৰ (ABRSM) দৰে মৰ্যাদাপূর্ণ প্ৰতিষ্ঠানৰ সৈতে গভীৰভাৱে জড়িত আন্তঃৰাষ্ট্ৰীয় প্রশিক্ষকমণ্ডলীয়ে স্থানীয় প্রতিভাৱানসকলৰ সৈতে সহযোগিতা কৰি অঞ্চলটোৰ স্বকীয় ঐতিহ্য উদ্যাপন কৰা নতুন আন্তঃসাংস্কৃতিক সংগীতানুষ্ঠান সৃষ্টি কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। এই কৰ্মশালাৰ চূড়ান্ত লক্ষ্য হৈছে সুশৃংখল প্রশিক্ষণ, বিশেষজ্ঞৰ তত্ত্বাৱধান আৰু বাস্তৱ মঞ্চ-অভিজ্ঞতাৰ সমন্বয়েৰে এক দীর্ঘম্যাদী সংগীত-শিক্ষাৰ আৰ্হি গঢ়ি তোলা। 

৩১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া এক ৰাজহুৱা সংগীতানুষ্ঠানৰ জৰিয়তে কৰ্মশালাৰ সামৰণি পৰিব। ব্যৱস্থাৰ জৰিয়তে এই উদ্যোগে উত্তৰ-পূব ভাৰতৰ সৈতে য়েহুদি মেনুহিন স্কুলৰ দৰে বিশ্বব্যাপী সংগীত-শিক্ষা নে টৱৰ্কৰ দীর্ঘস্থায়ী বিদ্যায়তনিক সম্পর্ক গঢ়ি তোলাৰ আশা কৰিছে। শিক্ষক আৰু বিদ্যালয়সমূহক যোগ্য শিক্ষার্থীৰ নাম মনোনীত কৰিবলৈ বিশেষভাৱে উৎসাহিত কৰা হৈছে। সংগীতৰ প্ৰতি গভীৰ অনুৰাগ থকা যুৱক-যুৱতীসকলে কনজার্ভেটৰীৰ ৱে'বছাইট (https:\\sevensist-ersconserva-toire.org)ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। সমগ্র উদ্যোগে সবিশেষ বে'বছাইট উপলব্ধ আছে। hello@sevensis-tersconser-vatoire.org ই-মেইল ঠিকনাত অথবা +44 7378 916534 নম্বৰত ৱাটছএপযোগে যোগাযোগ কৰিও আগ্ৰহীসকলেপঞ্জীয়ন কৰিব পাৰিব। 

এই প্রচেষ্টা সফল কৰি তুলিবলৈ কনজার্ভেটৰীয়ে শুভাকাংক্ষী আৰু ক'ৰ্পৰেট সহযোগীসকলৰ সহায়ো আহ্বান কৰিছে। ইচ্ছুক ব্যক্তি বা প্রতিষ্ঠানে প্রশিক্ষার্থীক পৃষ্ঠপোষকতা কৰা অথবা আনুষংগিক ব্যৱস্থা আৰু পৰিবহণত সহায় আগবঢ়োৱাৰ মাধ্যমেৰে এই লক্ষ্যৰ অংশীদাৰ হ'ব পাৰে। আন্তঃৰাষ্ট্ৰীয় অনুদান JustGiving-ৰ জৰিয়তে আৰু দেশৰ ভিতৰৰ অনুদান গ্ল'বেল আছামিজ কনফাৰেন্সলৈ স্থানীয় বেংক স্থানান্তৰৰ মাধ্যমেৰে আগবঢ়াব পাৰিব। আগ্রহী ব্যক্তি আৰু অনুষ্ঠানক উপৰিউক্ত ই-মেইল অথবা ৱাটছএপযোগেও যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।

Share This