চিকাগোত অসহায় অৱস্থাত উদ্ধাৰ হায়দৰাবাদৰ ছাত্ৰী; বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহায় বিচাৰিলে মাতৃয়ে

Jyoti Borah July 27, 2023

ডিজিটেল ডেস্কঃ স্নাতকোত্তৰ ডিগ্ৰী ল’বলৈ আমেৰিকালৈ যোৱা হায়দৰাবাদৰ এগৰাকী ৩৭ বছৰীয়া মহিলাক অসহায় আৰু বিচ্ছিন্ন অৱস্থাত উদ্ধাৰ হোৱাৰ বাতৰি পোৱা গৈছে৷যাৰ ফলত মহিলাগৰাকীৰ মাতৃয়ে ঘৰলৈ তেওঁক ঘূৰাই অনাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিছে৷

মজলিছ বচাও তেহৰিকৰ নেতা আমজাদ উল্লা খানৰ মতে, ভুক্তভোগীৰ মাতৃ চৈয়দা ৱাহাজ ফাতিমাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখি চিকাগোত থকা ভাৰতীয় কনছুলেট জেনেৰেল (চিজিআই)ক সহায় কৰিবলৈ অনুৰোধ জনায়।

মৌলা আলীৰ নামৰ মহিলাগৰাকীয়ে ২০২১ চনত TRINE বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ আমেৰিকালৈ ৰাওনা হৈছিল।পৰিয়ালৰ নিয়মিতভাৱে কথা পাতি থকাৰ সময়তে প্ৰায় দুমাহৰ আগতেহে ভুক্তভোগীৰ সৈতে যোগাযোগ বন্ধ হৈছিল।অৱশেষত হায়দৰাবাদৰ দুজন যুৱকে চিকাগোত তাইক বিচাৰি পায়৷ তাই অতিশয় হতাশাৰ অৱস্থাত আছিল, আৰু তেওঁৰ বস্তুবোৰ চুৰি হৈছিল বুলি লিখা দেখা গৈছে।

আমজাদ উল্লা খানে টুইট কৰিছিল য’ত ভুক্তভোগীৰ পাছপ’ৰ্টৰ কপি, এম ই এলৈ লিখা পত্ৰ আৰু এটা ভিডিঅ’ য’ত কথিতভাৱে ভুক্তভোগীয়ে হায়দৰাবাদীৰ যুৱকসকলৰ সৈতে কথা পতা দেখা গৈছে।খানৰ টুইটৰ উত্তৰত চিকাগোৰ চিজিআইয়ে কয় যে তেওঁলোকে গোচৰটোৰ মূল্যায়ন কৰা হৈছে আৰু ইয়াৰ ওপৰত চকু ৰাখিছে৷

Share This