ইলন মাস্ক বিশ্বৰ প্ৰথম ট্রিলিয়নেয়াৰ

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : 'স্পেচ এক্স'ৰ মুৰব্বী ইলন মাস্ক বিশ্বৰ প্রথমগৰাকী ট্রিলিয়নেয়াৰ হিচাপে পৰিগণিত হৈছে। সংবাদ সংস্থা ৰয়টাৰে এই তথ্য প্রকাশ কৰিছে। ফ'বৰ্ছৰ তথ্যৰ ভিত্তিত সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে যে শুকুৰবাৰে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ১ ট্রিলিয়নৰ ঘৰ স্পৰ্শ কৰি যায়। 

স্পেচ এক্সকে ধৰি মাস্কৰ মালিকানাধীন কেইবাটাও কোম্পানীৰ 'ইনিচিয়েল পাব্লিক অফাৰিঙে' (আই পি অ') তেওঁৰ বাণিজ্যিক সাম্ৰাজ্যৰ মূল্যও শুকুৰবাৰৰ দিনটোত বহুগুণে বৃদ্ধি কৰে। যাৰ ফলত তেওঁৰ সম্পদৰ পৰিমাণো বৃদ্ধি হয় আৰু প্ৰথমগৰাকী ট্রিলিয়নেয়াৰ হিচাপে পৰিগণিত হয়। ৰকেট, কৃত্রিম উপগ্ৰহ আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত কাম কৰি থকা স্পেচ এক্সে পুনৰ বাণিজ্য আৰম্ভ কৰাৰ লগে লগেই মাস্কৰ সম্পত্তিৰ পৰিমাণে শীঘ্ৰেই ১.১ ট্রিলিয়নৰ ঘৰ স্পৰ্শ কৰিব বুলিও ফ'ছে অনুমান প্রকাশ কৰিছে। কেইবাখনো দেশৰ অৰ্থনীতিতকৈও মাস্কৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে। 

উদাহৰণ স্বৰূপে টাইৱানৰ ৯৭৬.৭বিলিয়ন মার্কিন ডলাৰ অৰ্থনীতিৰ বিপৰীতে টেছলা আৰু ষ্টাৰ লিংকৰ মুৰব্বী ইলন মাস্ক ১ ট্রিলিয়ন (১০০০ বিলিয়ন) ডলাৰ সম্পত্তিৰ গৰাকী।

Share This