নগ্ন ভিডিঅ’ৰ সেই অভিশপ্ত দিনটোতে আন দুগৰাকী মহিলাক গণ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল মণিপুৰত

Jyoti Borah July 22, 2023

ডিজিটেল ডেস্কঃ মণিপুৰৰ দুগৰাকী কুকি মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ ভিডিঅ’ই  সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেয়া আছিল  ৪ মে'ৰ ঘটনা। নগ্ন পেৰেড কৰোৱাৰ পূৰ্বে মহিলা দুগৰাকীক গণ ধৰ্ষণ কৰা হৈছিল বুলিও অভিযোগ উঠিছে।  

কেৱল থৌবাল আৰু কাংপোকপি জিলাৰ সীমান্তত থকা নংপোক চেকমাই আৰক্ষী থানাৰ অন্তৰগত এলেকাতেই  নহয়, ৪ মে'ত মণিপুৰৰ ৰাজধানী ইম্ফলতো মহিলাৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। সেইদিনা দুগৰাকী মহিলাক  দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বুলি অভিযোগ উঠিছে। প্ৰতিবেদন অনুসৰি এই ক্ষেত্ৰত থৌবালৰ দৰে ভুক্তভোগীসকল জনজাতীয় সম্প্ৰদায়ৰে আছিল।

ইম্ফলত দুগৰাকী জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা কৰাৰ কথা এতিয়া পোহৰলৈ আহিছে। এই ঘটনাত জড়িত  পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত এজন ১৯ বছৰীয়া যুৱকো আছে বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি মহিলা দুগৰাকীক  তেওঁলোকৰ কৰ্মস্থানৰ পৰা টানি নিয়া হৈছিল আৰু দলবদ্ধ ধৰ্ষণ কৰি  হত্যা কৰা হৈছিল।৩ মে'ত মণিপুৰত অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ (এটিএছইউএম) নামৰ এটা জনজাতীয় ছাত্ৰ সংগঠনৰ কাৰ্যসূচীক লৈ অস্থিৰতাৰ সৃষ্টি হৈছিল। সেই নিশাৰ পৰাই জনজাতীয়  কুকি  আৰু বিভিন্ন অঞ্চলৰ সংখ্যাগৰিষ্ঠ মেইটেইসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। দুয়োটা সম্প্ৰদায়ৰ বহু মহিলাক অত্যাচাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।

Share This