ডিজিটেল ডেস্ক: বাংলাদেশত বৃহস্পতিবাৰে হোৱা সাধাৰণ নির্বাচনত 'বাংলাদেশ নেশ্যনেলিষ্ট পার্টি'য়ে (বি এন পি) অগ্রগতি লাভ কৰি আছে। দেশখনত কালি হোৱা ভোটগ্রহণ প্ৰক্ৰিয়াৰ অন্ত পৰাৰ পাছতে ভোট গণনা আৰম্ভ হয়।
শেহতীয়া বাতৰি মতে, কালি নির্বাচন অনুষ্ঠিত হোৱা ২৯৯খন আসনৰ বাবে হোৱা নিৰ্বাচনত শেহতীয়া বাতৰি মতে, বি এন পিয়ে ৫৩খন আসনত জয়লাভ কৰিছে। আনহাতে, জামাত-ই-ইছলামীৰ নেতৃত্বাধীন মর্চাই ৩৮খন আসনত জয়লাভ কৰে। বি এন পিৰ মুৰব্বী তাৰিক ৰহমান ঢাকা-১৭ আৰু বগৰা-৬ দুয়োটা সমষ্টিৰ পৰা নির্বাচিত হৈছে।
ইফালে, কালি হোৱা সংসদীয় নির্বাচনৰ সময়ত হিংসা, অনিয়ম তথা ব্যাপক ৰিংগিঙৰ অভিযোগ পোৱা গৈছে। ভোটগ্রহণৰ সময়ত বিভিন্ন ঠাইত হোৱা হিংসাত বি এন পিৰ এজন নেতা, এজন প্রিজাইডিং বিষয়া, এজন প'লিং এজেন্টকে ধৰি কমেও ৯জন লোক নিহত হয়। আনহাতে, গোপালগঞ্জত এটা ভোটগ্রহণ কেন্দ্রত বোমা বিস্ফোৰণত তিনিজন লোক আহত হয়। দেশখনৰ কেইবা ঠাইতো বিভিন্ন পক্ষৰ মাজত সংঘর্ষও হয়।
খুলনাৰ এটা ভোটগ্রহণ কেন্দ্ৰত দুটা পক্ষৰ মাজত হোৱা সংঘৰ্ষত বি এন পিৰ নেতা মহিবুজ্জজামান কচিক (৬০) হত্যা কৰা হয়। ব্রাহ্মণবাড়িত এজন প'লিং এজেণ্টৰ ভোটগ্রহণ কেন্দ্রতে মৃত্যু হয়। ইফালে, সাতক্ষীৰা তালা উপজিলাত কালি পুৱা অনাথ ঘোষ নামৰ এজন ব্যক্তি ভোটগ্রহণ কেন্দ্রলৈ যোৱাৰ সময়ত মৃত্যু হয়। কিশোৰগঞ্জৰ ভোটগ্রহণ কেন্দ্ৰত ৰাজ্জাক মিঞা নামৰ এজন ব্যক্তিক আৰক্ষীয়ে প্ৰহাৰ কৰাত তেওঁ আহত হয় আৰু পাছত মৃত্যু হয়। ইয়াৰ উপৰি মানিকগঞ্জ, গাইবান্ধাতো এজনকৈ লোকৰ মৃত্যু হয়। ময়মনসিং জিলাত এজন প্রিজাইডিং বিষয়াৰ মৃত্যু হয়।
ইফালে ময়মনসিং জিলাৰ এটা ভোটগ্রহণ কেন্দ্ৰত কালি দুপৰীয়া ভোট গ্রহণ চলি থকাৰ সময়তে পাঁচজন যুৱকে বেলট বাকচ ছীল কৰাৰ চেষ্টা কৰে। ইফালে নিৰ্বাচনৰ ভোটগ্রহণৰ আগতে বুধবাৰে নিশা ভোটৰ নথি-পত্ৰ তৈয়াৰ কৰা, বুথ লুট কৰা, ভোটাৰক ধন বিলোৱা, ডাবি-ধমকি দিয়া অবৈধ ভোটিঙৰ দৰে ভালেমান অভিযোগ পোৱা গৈছে। ঝেননাইদাহ জিলাৰ এটা ভোটগ্রহণ কেন্দ্ৰৰ পৰা কালি নিশা ২৩খন খালী ৰিজাল্ট শীট জব্দ কৰা হয়। ইফালে, নির্বাচনত অনিয়মত জড়িত থকাৰ অভিযোগত দেশখনত এতিয়ালৈকে প্রায় ৩৪জন লোকক গ্ৰেপ্তাৰি কৰা হয়।
ইফালে, ভোট গ্রহণৰ আগে আগে বুধবাৰে মৌলবীবজাৰ জিলাৰ কমলগঞ্জত এখন চাহ বাগিচাৰ পৰা ২৮ বছৰীয়া হিন্দু যুৱক ৰতন সাহুকাৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটোৰ হাত-ভৰি বন্ধা আছিল আৰু শৰীৰৰ কেইবা স্থানত গভীৰ আঘাতৰ চিন আছে। স্থানীয় লোকৰ মতে, ৰতন চাহকাৰক দুর্বৃত্তই আন স্থানত হত্যা কৰি মৃতদেহটো তাত পেলাই থৈ যায়।