বন্ধ হ'ব নামৰূপ সাৰ কাৰখানা! কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ভগৱন্ত খুবাৰ স্পষ্ট ঘোষণা

Jyoti Borah July 22, 2023

ডিজিটেল ডেস্কঃ মৃত্যুঘণ্টা বাজিব নেকি নামৰূপ সাৰ কাৰখানাৰ? নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ হোৱাৰ দৰেই বন্ধ হৈ যাব নেকি নামৰূপ সাৰ কাৰখানা? উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানা আজি অস্বিত্বৰ সংকটত পৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবে এতিয়া বন্ধ হ'ব এই লাভজনক উদ্যোগটো। 

লোকসভাৰ মজিয়াত উন্মোচিত হৈছে ভয়ংকৰ তথ্য। স্বয়ং কেন্দ্ৰীয় ৰাসায়ন সাৰ দপ্তৰ ৰাজ্যিক মন্ত্ৰীয়ে স্পষ্ট কৰিলে এই তথ্য। 

ইয়াৰ পাছতেই হাহাকাৰ সৃষ্টি হৈছে নামৰূপ শ্ৰমিক, কৰ্মচাৰীসকলৰ মাজত। উল্লেখযোগ্য যে ২০০৬ চনতে তেতিয়াৰ সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোটটো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও সেইয়া সম্ভৱপৰ হৈ নুঠিল। তাৰ পিছতেই ২০১৪ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিয়েই ১০০ দিনীয়া অৰ্থনৈতিক পৰিক্ৰমাৰ মাজত সাৰকাৰখানাৰ চতুৰ্থগোট স্থাপনৰ বাবে অনুমোদন জনাইছিল যদিও বিগত ৮-৯ বছৰে নিৰ্মাণ নহ'ল চতুৰ্থ গোটটো। 

প্ৰথম আৰু দ্বিতীয় গোটটো বন্ধ হোৱাৰ পিছত তৃতীয় গোটটোৱে দৈনিক ৬০০ পৰা ৭০০ শ মেট্ৰিকট্ৰন সাৰ উৎপাদন কৰি কৃষক ৰাইজক কিছু পৰিমাণে হলেও সকাহ দিবলৈ প্ৰয়াস চলাই থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকা সাৰকাৰখানাটোৰ বাবে মুকলাই দিছিল যদিও সেইয়া উদ্যোগটোৰ বাবে যথেষ্ট নহ'ল। শেহতীয়াকৈ কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভগবন্তক খুবাই লোকসভাত সাংসদ গৌৰৱ গগৈৰ নামৰূপ সাৰকাৰখানাৰ পুনৰুজ্জীৱিতকৰনৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে নিটি আয়োগৰ অধ্যক্ষতা গ্ৰুপ অব অফিচাৰ্ছ ৰ গুৰুত্বপূৰ্ণ বৈঠকে সাৰকাৰখানাটো বন্ধৰ পৰামৰ্শ দিয়াৰ লগতে গুৰুত্বহীন ৰাজহুৱা উদ্যোগসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়া নতুবা বন্ধ কৰাৰ পোষকতা কৰাৰ কথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উত্তৰত স্পষ্ট হৈ পৰিছে। 

ইয়াৰ পিছতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে সাৰকাৰখানাৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ মাজত। শ্ৰমিকসকলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কটু সমালোচনা কৰা লগতে শনিবাৰৰ পৰা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়াৰ লগতে অসমৰ সাংসদসকলে এই বিষয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাই শ্ৰমিকসকলে। সময় থাকোতেই যদি ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা নলয় তেন্তে কাগজ কলৰ দৰে অৱস্থা সৃষ্টি হ'ব নামৰূপ সাৰ কাৰখানাৰ।

Share This