নাচিকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নতশ্বিপত তিনিটাকৈ সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰলৈ । তিতাবৰৰ মাধপুৰত উষ্ম আদৰণি খেলুৱৈ সকলক ।

Jyoti Borah July 24, 2023


নাচিকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনি খেলুৱৈ ।

তিতাবৰ জিলা ক্ৰীড়া টাইকোৱাণ্ডো সন্থা পৰা নিৰ্বাচিত হৈ নাচিকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়শ্বিপত অংশগ্ৰহণ সুযোগ লাভ কৰে তিতাবৰ ৬ জনকৈ খেলুৱৈ । 

এইসকল খেলুৱৈ মাজৰ পৰা তিনি গৰাকী খেলুৱৈ সোণৰ পদক লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনে সোণৰ পদক খেলুৱৈ সকল ক্ৰমে কৃষ্টিনা বৰা (12) , ৰীয়া কুৰ্মী (13) আৰু সূৰ্য কান্ত বাকটি (13) 

এইসকল খেলুৱৈ মাজৰ পৰা তিনি জন খেলুৱৈ সোণৰ পদক আৰু এজনে ব্ৰঞ্জৰ পদক লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনে । 

আগন্তুক দিনত হবলগীয়া বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত এইসকল খেলুৱৈ মাজৰ পৰা সূৰ্য্যকান্ত বাকটিয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাত এক আনন্দিত হৈ পৰিছে সকলো ।
 

Share This