ডিজিটেল ডেস্ক : বেংকে আবণ্টন দিয়া ঋণৰ বিষয়ত উচ্চতম ন্যায়ালয়ে মঙলবাৰে গুৰুত্বপূৰ্ণ অভিমত প্রকাশ কৰে। সর্বোচ্চ আদালতে কালি দেশৰ বৃহৎ ৰাজহুৱা খণ্ডৰ বিত্তীয় লেনদেনৰ প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকসহ (এছ বি আই) আন বেংকসমূহকো কঠোৰ সমালোচনাৰে থকা-সৰকা কৰে। উচ্চতম ন্যায়ালয়ে অভিমত প্রকাশ কৰি কয় যে বেংকসমূহে ক্ষুদ্র ক্ষুদ্র ঋণ লওঁতাসকলক 'উৎপীড়ন' চলায়, কিন্তু বৃহৎ বৃহৎ উদ্যোগপতি আৰু কোম্পানীক নভবা-নিচিন্তাকৈ কোটি কোটি টকাৰ ঋণ আবণ্টন দিয়ে আৰু পৰৱৰ্তী সময়ত এই ঋণৰ ধন হৰণলুকী কৰা হয় আৰু বেংকৰ কোটি কোটি টকাৰ লোকচান হয়।
এটা গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এহছানুদ্দিন আমানুল্লাহ আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে কয় যে বেংকিং খণ্ডত যথেষ্ট উদ্বেগজনক এটা ব্যৱস্থা পৰিলক্ষিত হৈছে। সাধাৰণ জনতাই নিজৰ প্ৰয়োজনৰ বাবে লোৱা ক্ষুদ্র ক্ষুদ্র ঋণৰ বাবে তেওঁলোকক মানসিক আতিশয্য চলোৱা হয়, কিন্তু কোনোধৰণৰ পৰীক্ষা-নিৰীক্ষা নকৰাকৈ বৃহৎ উদ্যোগপতি আৰু প্রতিষ্ঠানক বিনাবাক্যই ঋণ মঞ্জুৰ কৰে বেংকসমূহে।
উল্লেখযোগ্য যে ২০১৯ চনত হাৰিয়ানাৰ এটা কোম্পানীয়ে এছ বি আইৰ পৰা ৮.৯ কোটি টকাৰ এটা ঋণ লৈছিল। ঋণ লাভৰ পাছত কোম্পানীটোৱে এটকাও ঋণ পৰিশোধ নকৰে এছ বি আইক। কিছু মাহৰ ভিতৰত কোম্পানীটোৰ বেংক একাউণ্টক 'এন পি এ' ঘোষণা কৰা হয়। ৬ বছৰৰ পাছত কোম্পানীটোৱে আদালতক কয় যে তেওঁলোকে ঋণ পৰিশোধ কৰিবলৈ সাজু। শীৰ্ষতম আদালতে কোম্পানীটোৰ আৱেদন নাকচ কৰি বেংকক কোম্পানীটোৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।