ৰে'ল বিভাগৰ বিশেষ পদক্ষেপ, তীর্থযাত্ৰীৰ বাবে বিশেষ ৰে'ল

dainik janambhumi June 17, 2026

ডিজিটেল ডেস্ক: গুৱাহাটীৰ পৱিত্ৰ কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত হ'বলগীয়া বার্ষিক অম্বুবাচী মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ হাজাৰ তীর্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূর্ণ তীর্থ যাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেই ব্যাপক প্রস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। এই মেলাৰ সময়ছোৱাত তীর্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱেই বিশেষ ৰে'লৰ চলাচল, অহর্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত ৰে'লৱে আৰু সুৰক্ষা কৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্র স্থাপন তথা তীর্থযাত্ৰীসকলৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তর্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্রহণ কৰিছে। 

তীৰ্থযাত্ৰীসকলৰ প্ৰত্যাশিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱেই প্রায় ৫০টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ (জি এছ) দবাসহ তিনিখন বিশেষ অসংৰক্ষিত ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি অম্বুবাচী মেলাৰ সময়ছোৱাত যাত্রীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ অৰ্থে বিভিন্ন নিয়মীয়া যাত্রীবাহী ৰে'লসমূহত অস্থায়ীভাৱে ১১টা অতিৰিক্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোজন কৰা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে'লৱেই জানিবলৈ দিয়া অনুসৰি ৰে'ল নং ০৫৬৬১ কামাখ্যা-আলিপুৰদুৱাৰ জংচন ৱান ৱে' বিশেষ ৰে'লখনে ১৯ জুনত কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা আলিপুৰদুৱাৰত গৈ উপস্থিত হ'ব। 

ৰে'ল নং ০৫৪৪৪/০৫৪৪৫ আলিপুৰদুৱাৰ-কামাখ্যা-আলিপুৰদুৱাৰ বিশেষ ৰে'লসমূহ ২০ জুনৰ পৰা ২২ জুনলৈ আৰু ২৪ জুনৰ পৰা ২৭ জুনলৈকে প্রতিদিনে চলিব। এই বিশেষ সেৱাই অম্বুবাচী মেলাৰ সময়ত অসম আৰু উত্তৰ বংগৰ মাজত উন্নত সংযোগ নিশ্চিত কৰিব। ইয়াৰ উপৰি, ৰে'ল নং ০৫৭৮০ নিউ জলপাইগুড়ি-কামাখ্যা বিশেষ ৰে'লখন ২০ আৰু ২৭ জুনত আৰু ৰে'ল নং ০৫৭৭৯ কামাখ্যা-নিউ জলপাইগুড়ি বিশেষ ৰে'লখন ২১ আৰু ২৮ জুনত চলিব। এই বিশেষ ৰে'লসমূহে পৱিত্ৰ কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলৰ বাবে অতিৰিক্ত ভ্রমণ সুবিধা উপলব্ধ কৰিব। সেইদৰে নির্বিঘ্নে টিকট ক্ৰয়ৰ সুবিধা প্ৰদানৰ বাবে গুৱাহাটী আৰু কামাখ্যা ৰে'লৱে ষ্টেছনত দিনে-নিশাই অতিৰিক্ত টিকট কাউন্টাৰ মুকলি কৰি ৰখা হৈছে। মেলাৰ সময়ছোৱাত তীর্থযাত্ৰীক নীতি-নির্দেশনা, তথ্য আৰু সাহায্য প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ স্থানসমূহত বিশেষ হেল্প ডেস্ক আৰু অনুসন্ধান কাউণ্টাৰ স্থাপন কৰা হৈছে। 

ফলপ্রসূ ভিৰ নিয়ন্ত্ৰণ আৰু যাত্ৰীসকলৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যৰে কামাখ্যা, গুৱাহাটী আৰু অন্যান্য গুৰুত্বপূৰ্ণ ষ্টেছনসমূহত ৰে'লৱে সুৰক্ষা বাহিনী, চৰকাৰী ৰে'লৱে আৰক্ষী, বাণিজ্যিক আৰু কাৰিকৰী বিভাগৰ পৰা অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি অম্বুবাচী মেলাৰ সময়ত তীর্থযাত্রীসকলক নির্দেশনা, তথ্য আৰু অন্যান্য সাহায্য সেৱা প্ৰদান কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ প্ৰায় ২০০ জন স্বেচ্ছাসেৱকক নিয়োজিত কৰা হৈছে।

Share This