ডিজিটেল ডেস্ক : কাছাৰ জিলাৰ কাটিগড়া অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে কিন্নৰখাল সীমান্ত অঞ্চলত এজন ভাৰতীয় নাগৰিকক বলপূর্বকভাৱে বাংলাদেশলৈ নিয়াৰ অভিযোগ উত্থাপন হৈছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সীমান্তৰ চণ্ডী নগৰ দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা কৃষক ৰঞ্জিত দাস কাঁইটীয়া তাঁৰৰ বেৰৰ সিটো পাৰে অৱস্থিত ভাৰতীয় ভূমিত গৰু-ম'হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা ঘাঁহ কাটিবলৈ ব্যস্ত আছিল। সেই সময়ত একাংশ বাংলাদেশী নাগৰিকে তালৈ আহি তেওঁক বলপূর্বকভাৱে বাংলাদেশ ভূখণ্ডলৈ লৈ গৈছিল বুলি অভিযোগ উঠিছে। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সীমান্ত অঞ্চলত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় বাসিন্দাসকল সেই স্থানত সমৱেত হয়। খবৰ পোৱাৰ পাছতে বি এছ এফৰ জোৱানসকলেও সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ সন্দৰ্ভত সোধা-পোছা কৰে।
সূত্র অনুসৰি, বি এছ এফে ইতিমধ্যে সীমান্তৰক্ষী বাংলাদেশৰ দৃষ্টিগোচৰ কৰিছে আৰু দ্রুত পতাকা বৈঠকৰ জৰিয়তে বিষয়টো সমাধানৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে। দিনৰ পোহৰত সীমান্ত অঞ্চলৰ পৰা এজন ভাৰতীয় নাগৰিকক অপহৰণ কৰাৰ অভিযোগত স্থানীয় বাসিন্দাসকলৰ মাজত আতংক আৰু উদ্বেগৰ সৃষ্টি হৈছে। এই ঘটনাক লৈ সীমান্ত অঞ্চলতো উত্তেজনা বিৰাজ কৰিছে।