বিমানত কৰীনা কাপুৰৰ ব্যৱহাৰ দেখি স্তম্ভিত বৰ্ষীয়ান ভাৰতীয় উদ্যোগী নাৰায়ণ মূৰ্তি

Jyoti Borah July 26, 2023

ডিজিটেল ডেস্কঃবলীউডৰ চেলিব্ৰিটীসকলক লৈ প্ৰায় সকলো অনুৰাগীয়ে পাগল। এনে পৰিস্থিতিত যেতিয়াই কোনোবাই নিজৰ প্ৰিয় চেলিব্ৰিটীক লগ পায় তেতিয়াই তেওঁৰ লগত ফটো উঠিবলৈ ইচ্ছা প্ৰকাশ কৰে। এনে পৰিস্থিতিত ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত নাৰায়ণ মূৰ্তিয়ে বলীউডৰ বিখ্যাত অভিনেত্ৰী কৰীনা কাপুৰৰ বিষয়ে কোৱা দেখা গৈছে।নাৰায়ণ মূৰ্তিয়ে এই ভিডিঅ'টোত প্ৰকাশ কৰিছে যে- কৰীনা কাপুৰে অনুৰাগীৰ লগত সঠিক আচৰণ নকৰে। কেৱল এয়াই নহয়, নাৰায়ণ মূৰ্তিয়ে কৈছে যে- ‘যেতিয়া তেওঁ লণ্ডনৰ পৰা আহি আছিল, কৰীনা কাপুৰে একেখন বিমানতে যাত্ৰা কৰিছিল। এই সময়ত দেখিলো কৰীনাৰ বহু অনুৰাগীয়ে তেওঁৰ ওচৰলৈ আহি হেল্ল’ কয়। একেগৰাকী কৰীনাই তেওঁলোকৰ নমস্কাৰৰো উত্তৰ নিদিলে, কাৰো ফালেও নাচালে। মোৰ বাবে সেইটো আছিল অতি আচৰিত সময়৷আনহাতে বহুত মানুহ লগ কৰিবলৈ আহি মই থিয় হৈ তেওঁলোকৰ লগত কথা পাতিলোঁ।''


যদিও এই সময়ছোৱাত সুধা মূৰ্তিও তেওঁক নীৰৱ কৰিবলৈ চেষ্টা কৰে, কিন্তু নাৰায়ণ মূৰ্তিয়ে তেওঁৰ গোটেই কাহিনীটো ক’লে। সুধা মূৰ্তিয়ে কয় যে কৰীনাৰ কোটি কোটি অনুৰাগী আছে, তেওঁ নিশ্চয় ভাগৰি পৰিছে। ইয়াৰ পাছতো নাৰায়ণ মূৰ্তিয়ে নিজৰ কথা ৰক্ষা কৰি কয় যে যেতিয়া কোনোবাই আপোনাৰ প্ৰতি মৰম দেখুৱাই আছে তেতিয়া আপুনিও তেওঁৰ প্ৰতি মৰম দেখুৱাব লাগে। মোৰ মতে সকলোৱে নিজৰ ইগো হ্ৰাস কৰাটো প্ৰয়োজনীয়।


উল্লেখযোগ্য যে কৰীনা কাপুৰ খানক কেমেৰামেনৰ ওপৰত বহুবাৰ খং উঠা দেখা গৈছে। ২৩ বছৰ ধৰি তেওঁ ডাঙৰ পৰ্দাত কাম কৰি আহিছে। বহু ছুপাৰহিট ছবিত কাম কৰি এক সুকীয়া পৰিচয় অৰ্জন কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই কাৰণেই অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ সংখ্যা বহুত।

Share This