ডিজিটেল ডেস্ক : ১৯৫০ চনৰ পাছত শক্তিশালী ৰূপত সংঘটিত হোৱা জলবায়ু পৰিঘটনা এল নিন'ৰ প্ৰভাৱত হিন্দু কুশ হিমালয় অঞ্চলত ভয়ংকৰ বান, ভূমিস্খলন আৰু হিমস্খলনৰ আশংকা কৰা হৈছে। 'দ্য হিন্দু কুশ হিমালয়ান উইণ্টাৰ আউটলুক ২০২৬' শীর্ষক সম্মিলনত কাঠমাণ্ডুস্থিত 'ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্রেটেড মাউন্টেইন ডেভেলপমেন্ট' আৰু বেইজিঙৰ 'নর্মেল ইউনিভাৰ্ছিটি এণ্ড চাইনীজ একাডেমি অব ছায়েন্সেজ'-এ যৌথভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনত এল নি'নৰ প্ৰভাৱত নেপাল, আফগানিস্তান, বাংলাদেশ আৰু ভাৰতৰ দৰে দেশত বৰষুণ, ভূমিস্খলন আৰু তুষাৰপাত, হিমস্খলন আদি প্রাকৃতিক দুর্যোগ বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
নেপাল আৰু উত্তৰ ভাৰত, পাকিস্তান, আফগানিস্তানৰ কিছু অংশত বৰষুণৰ মাত্রা বৃদ্ধি পাব আৰু গড় হিচাপতকৈ অধিক তুষাৰপাত হ'ব। প্রতিবেদনখনত সতৰ্ক কৰি দিয়া হৈছে যে প্রবল বৰষুণ আৰু বৰফ পৰিলে পশ্চিম হিমালয়ৰ কিছুমান অঞ্চলত বান, ভূমিস্খলন আৰু হিমস্খলনৰ সৃষ্টি হ'ব পাৰে। অঞ্চলটোৰ কিছু অংশত খৰাং পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, ইয়াৰ ফলত বনাঞ্চলত জুইৰ আশংকা বৃদ্ধি পাইছে।
লক্ষণীয়ভাৱে এই পূর্বাভাস এনে সময়ত প্রকাশ পাইছে, যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডল প্রশাসনে শক্তিশালীৰ পৰা অতি শক্তিশালী এল নিন'ৰ ভৱিষ্যদ্বাণী কৰিছে। উল্লেখযোগ্য যে শেহতীয়া সময়ত নেপাল আৰু ভূটানত আকস্মিক বানে ধ্বংসলীলা চলাইছিল। ইয়াৰ পাছতে আকৌ এবাৰ বান, ভূমিস্খলন, হিমস্খলনৰ ভাবুকিৰ সন্মুখীন হৈছে নেপাল।