'কাৰ্গিলত দেশ ৰক্ষা কৰিলে কিন্তু অত্য়াচাৰৰ পৰা বচাব নোৱাৰিলে পত্নীক', নিৰ্বস্ত্ৰ হোৱা মহিলাগৰাকীৰ স্বামীৰ বেদনা

Jyoti Borah July 21, 2023

মই দেশক ৰক্ষা কৰিছিলোঁ যদিও পত্নীক বচাব পৰা নাছিলোঁ তাইৰ ওপৰত কৰা অত্যাচাৰৰ পৰা...' এই কথাষাৰ কাৰ্গিল যুদ্ধত দেশৰ বাবে প্ৰাণ আহুতি দিয়া দেশৰ যোদ্ধাগৰাকীৰ আক্ষেপজনক কথা। মণিপুৰত দুগৰাকী মহিলাক উলংগ হৈ পেৰেড কৰাৰ ঘটনাই সমগ্ৰ দেশৰ জনসাধাৰণক স্তম্ভিত কৰি তুলিছে।এই দুগৰাকী মহিলাৰ এগৰাকীৰ স্বামী ভাৰতীয় সেনাবাহিনীত আছিল। তেওঁ অসম ৰেজিমেণ্টত সুবেদাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ অনুশোচনামূলক শব্দৰে কয় যে মই দেশ আৰু ইয়াৰ সুৰক্ষাৰ বাবে মোৰ জীৱন বাজিত ৰাখিলোঁ কিন্তু নিজৰ পত্নীক সুৰক্ষিত ৰাখিব নোৱাৰিলোঁ, অপমানিত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলোঁ।
৪ মে’ত জনজাতীয় মহিলাসকলৰ সৈতে সংঘটিত হোৱা এই কাণ্ডৰ ভিডিঅ’টো বুধবাৰে চৰ্চালৈ আহিছিল, তাৰ পিছত সমগ্ৰ দেশে ইয়াক (কাণ্ডটোক) লৈ ক্ষোভ প্ৰকাশ কৰিছিল।
এটা নিউজ চেনেলৰ সৈতে হোৱা বাৰ্তালাপত স্বামীয়ে কয় যে, ‘মই কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজিছিলো আৰু ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ অংশ হিচাপে শ্ৰীলংকাতো নিয়োজিত আছিলো। মই দেশখনক ৰক্ষা কৰিলোঁ, কিন্তু অৱসৰৰ পিছত মই মোৰ ঘৰখন, মোৰ পত্নী আৰু সহযোগী গাঁৱৰ মানুহক ৰক্ষা কৰিব নোৱাৰিলোঁ... মই দুখী। 'তেওঁ কয় যে ৪ মে’ৰ পুৱা এটা দলে অঞ্চলটোৰ কেইবাটাও ঘৰ জ্বলাই দুগৰাকী মহিলাক উলংগ কৰি মানুহৰ সন্মুখত গাঁৱৰ পথত খোজ কাঢ়িবলৈ বাধ্য কৰাইছিল।তেওঁ কয়, ‘পুলিচ উপস্থিত আছিল, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ঘৰ জ্বলাই মহিলাক অপমান কৰা সেই সকলো মানুহৰ কঠোৰ শাস্তি বিচাৰো। ভিডিঅ’টো প্ৰকাশ পোৱাৰ এদিন পিছতে বৃহস্পতিবাৰে এই গোচৰত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।এটা টুইটাৰ পোষ্টত মণিপুৰ আৰক্ষীয়ে কয় যে ৰাজ্যৰ আৰক্ষীয়ে আন অপৰাধীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে। অভিযান চলি আছে।
যোৱা ৩ মে’ত ৰাজ্যখনত জাতিগত হিংসা সংঘটিত হোৱাৰ পাছৰে পৰা ১৬০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু লোক আহত হৈছে। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই জনগোষ্ঠী আৰু বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে, আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় জনগোষ্ঠীসমূহে ৪০ শতাংশ আৰু বেছিভাগেই পাহাৰীয়া জিলাত বাস কৰে।

Share This