বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!

dainik janambhumi August 25, 2025

ডিজিটেল ডেস্ক : বিহাৰৰ ভোটাৰ তালিকাত দুগৰাকী পাকিস্তানী মহিলাৰ নাম থকাৰ বিষয়টো ধৰা পেলাইছে কেন্দ্ৰীয় গৃহ মন্ত্র্যালয়ে। বিহাৰৰ ভাগলপুৰ জিলাত ১৯৫৬ চনত পাকিস্তানৰ পৰা অহা দুগৰাকী মহিলাক ভোটাৰ চিনাক্তকৰণ কাৰ্ড প্ৰদান কৰা হৈছে। আনকি বিশেষ ব্যাপক সংশোধনীৰ প্ৰক্ৰিয়াতো দুয়োগৰাকী পাকিস্তানী নাগৰিকৰ নথি-পত্ৰৰ বিসংগতি ধৰা নপৰিল।

এই আসোঁৱাহ ধৰা পেলায় কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে। পৰৱৰ্তী সময়ত, জিলা দণ্ডাধীশৰ আদেশত ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। দুয়োগৰাকীয়েই বয়সস্থ মহিলা আৰু উপযুক্তভাৱে যোগাযোগ কৰিবলৈ অসমৰ্থ। ভাগলপুৰ জিলা দণ্ডাধীশ আৰু জিলাখনৰ আৰক্ষী অধীক্ষকক এই বিষয়ত অনুসন্ধান কৰি আৰু সত্যাসত্য নিৰূপণ কৰি যাৱতীয় ব্যৱস্থা গ্রহণেৰে এখন বিশদ প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে গৃহ মন্ত্র্যালয়ে।

Share This