ৰাজ্যৰ ফুটবলপ্রেমীলৈ মুখ্যমন্ত্ৰীৰ সু-খবৰ, বিশ্বকাপৰ ছেমি, ফাইনেলৰ নিশা ৩-৩০লৈ খোলা থাকিব ৰেস্তোৰাঁ

dainik janambhumi July 16, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ ফুটবলপ্রেমীসকলৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিলে সু-খৱৰ। চলি থকা ফিফা বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেল আৰু ফাইনেল খেলসমূহ ফুটবল অনুৰাগীসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ উপভোগ কৰিব পাৰে, তাৰ বাবে অসম চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। 

ফুটবলপ্রেমীয়ে যাতে বিশ্বকাপ উপভোগ কৰাত ব্যাঘাত নহয় তাৰ বাবে গুৱাহাটী মহানগৰীৰ ৰেস্তোৰাঁসমূহ নিশা ৩-৩০ বজালৈ খোলা ৰখাৰ অনুমতি দিছে মুখ্যমন্ত্ৰী ড° শৰ্মাই। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, কেৱল নিৰ্ধাৰিত ৪টা বিশেষ দিনতহে গুৱাহাটীৰ জিলা প্রশাসনে ৰেস্তোৰাঁসমূহ নিশা ৩-৩০ বজালৈকে খোলা ৰখাৰ অনুমতি লাভ কৰিব। সেই দিনকেইটা ক্রমে ১৫ জুলাই আৰু ১৬ জুলাই ছেমি ফাইনেল, তৃতীয় স্থানৰ নিৰ্ণয়ৰ খেলৰ দিনা ১৯ জুলাই আৰু ২০জুলাই ফাইনেল খেলৰ দিনা। 

মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমত উল্লেখ কৰে যে ফুটবলে মানুহক একগোট কৰে। আমাৰ ক্ৰীড়াপ্রেমীসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ ফিফা বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল খেলসমূহ উপভোগ কৰিব পাৰে, তাৰ বাবেই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। কেৱল গুৱাহাটীতে নহয় এই সিদ্ধান্ত অন্যান্য জিলাৰ ক্ষেত্ৰতো প্রযোজ্য হ'ব। 

কেৱল গুৱাহাটীতেই নহয়, অসমৰ অন্যান্য জিলাসমূহতো স্থানীয় ৰাইজৰ চাহিদা আৰু ৰেস্তোৰাঁ মালিক সন্থাৰ অনুৰোধৰ ভিত্তিত জিলা প্রশাসনক অনুৰূপ সিদ্ধান্ত ল'বলৈ মুখ্যমন্ত্রীয়ে কর্তৃত্ব প্ৰদান কৰিছে। চৰকাৰৰ এই সিদ্ধান্তক ৰাজ্যৰ ক্ৰীড়াপ্রেমী তথা ৰেস্তোৰাঁ ব্যৱসায়ীসকলে আদৰণি জনাইছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে সকলো ফুটবল অনুৰাগীকে খেলসমূহ উপভোগ কৰাৰ সময়ত শান্তি-শৃংখলা বজাই ৰাখিবলৈ আৰু দায়িত্বশীলভাবে আনন্দ-উল্লাস কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনাইছে।

Share This