ডিজিটেল ডেস্ক : আহোমৰ ইতিহাস ব্ৰিটিছৰ ইতিহাসতকৈও পুৰণি, এই কথা বিশ্বৰ আগত উপস্থাপন কৰিব লাগিব। মূলধাৰাৰ ইতিহাসৰ পাঠ্যপুথিৰ পৰা আহোমৰ ইতিহাস বাদ দিয়া বিষয়টোক কেৱল এটা অসাৱধানতাজনিত ত্রুটী বুলি ক'ব নোৱাৰি, বৰঞ্চ ই এক সচেতন আৰু উদ্দেশ্যপ্রণোদিত কাৰ্য।
গুৱাহাটীৰ শ্রীমন্ত কলাক্ষেত্ৰৰ দামোদৰদেৱ প্রেক্ষাগৃহত বুধবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৮ সংখ্যক প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি প্রখ্যাত সাংবাদিক তথা ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সম্পাদক প্রধান অৰ্ণৱ গোস্বামীয়ে এইদৰে কয়। এই অনুষ্ঠানতে বিশিষ্ট সাংবাদিকগৰাকীক 'ডামচাও অশ্বিনী চেতিয়া সোঁৱৰণী বজ্রকণ্ঠ বঁটা' প্ৰদান কৰা হয়। আনহাতে অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকি প্রাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে টাই আহোম ছাত্ৰ সন্থাৰ বাৰ্ষিক স্মৃতিগ্রন্থ 'তেজে ধোৱা ইতিহাস আৰু দলিল দস্তাবেজ' উন্মোচন কৰে। বঁটা গ্রহণ কৰি আহোমৰ বুৰঞ্জী সন্দৰ্ভত ভাষণ প্রদান কৰি অৰ্ণৱ গোস্বামীয়ে অসমক একত্রিত কৰাৰ কৃতিত্ব ব্রিটিছসকলক দিয়া ঔপনিৱেশিক মানসিকতাৰ তীব্র সমালোচনা কৰে। তেওঁ কয়, 'ব্রিটিছসকল কোন আছিল? তেওঁলোকে অসমত আহোঁতে তেওঁলোকৰ ইতিহাস কিমান পুৰণি আছিল? সেই সময়লৈ আহোম সাম্রাজ্যই প্রায় ৬০০ বছৰ ধৰি শাসন কৰি আহিছিল। তথাপি তেওঁলোকে কয় যে অসমক তেওঁলোকেই একত্ৰিত কৰিছিল। এয়া ইতিহাসৰ বিকৃতি আৰু গৌৰৱময় আহোম ঐতিহ্যৰ প্ৰতি এক ডাঙৰ অবিচাৰ।'
আনহাতে দেশজুৰি বিদ্যালয়ৰ পাঠ্যক্ৰমত আহোমৰ ইতিহাস অন্তর্ভুক্ত কৰাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোস্বামীয়ে লগতে কয় যে যিসকলে সঘনাই আকবৰনামাৰ কথা উল্লেখ কৰে, তেওঁলোকে প্ৰজন্মৰ পিছত প্রজন্ম সংৰক্ষিত হৈ অহা আহোমসকলৰ সমৃদ্ধ ঐতিহাসিক বুৰঞ্জীসমূহো অধ্যয়ন কৰা উচিত। এটা বাওঁপন্থী শিক্ষা ব্যৱস্থাই পাঠ্যক্ৰমত অধিক মোগল ইতিহাস অন্তর্ভুক্ত কৰিছিল। সেই ব্যৱস্থাই উত্তৰ ভাৰতক কেন্দ্ৰ কৰি ইতিহাস উপস্থাপন কৰিছিল আৰু চোলা, পাল আৰু আহোমসকলৰ গৌৰৱময় ইতিহাসক উপেক্ষা কৰিছিল। ভাৰতৰ দুখন ঐতিহাসিক যুদ্ধৰ তুলনা কৰি গোস্বামীয়ে আমি সকলোৱে হালদিঘাটৰ যুদ্ধৰ বিষয়ে জানো আৰু পঢ়ো। কিন্তু শৰাইঘাটৰ যুদ্ধ সমানেই গুৰুত্বপূৰ্ণ নাছিল নেকি বুলি প্রশ্ন কৰি যদি শৰাইঘাটৰ যুদ্ধ নহ'লহেঁতেন, যদি আমাৰ মাজত লাচিত বৰফুকন নাথাকিলহেঁতেন, তেন্তে আজিৰ ভাৰতবৰ্ষৰ মানচিত্ৰ সম্পূর্ণ বেলেগ হ'লহেঁতেন বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে এই গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত মন্ত্ৰী সুশান্ত বৰগোহাঁই, ৰণোজ পেণ্ড, আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, বিশিষ্ট টাই বুৰঞ্জীবিদ দয়ানন্দ বৰগোহাঁইৰ লগতে যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে