ডিজিটেল ডেস্ক : স্পেইনে ফিফা বিশ্বকাপৰ মঙলবাৰে অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ফ্রান্সক ২-০ গ'লত পৰাজিত কৰি ১৬ বছৰৰ মূৰত ফাইনেলত উপনীত হয়। স্পেইনে ২০১০ চনৰ পাছত দ্বিতীয়বাৰলৈ ফাইনেল খেলিব। আনহাতে, ফ্রান্সে একেৰাহে দ্বিতীয়বাৰলৈ বিশ্বকাপ জয় কৰিব নোৱাৰিলে।
উল্লেখযোগ্য যে ফ্রান্স ২০১৮ চনৰ চেম্পিয়ন আছিল আৰু ২০২২ চনৰ বিশ্বকাপৰ ফাইনেলত আর্জেন্টিনাৰ হাতত পৰাজিত হৈছিল। স্পেইনৰ হৈ গ'ল দুটা দিয়ে পেনাল্টিৰ জৰিয়তে খেলৰ ২২ মিনিটত মিকেল ওয়াৰজাবালে। এইটো আছিল প্রতিযোগিতাত ওয়াৰজাবালৰ পঞ্চমটো গ'ল। দলৰ হৈ আনটো গ'ল দিয়ে ৫৮ মিনিটত পেড্ৰ' পোৰোৱে। ইয়াৰ পাছত স্পেইনে খেলখন নিজৰ নিয়ন্ত্ৰণত ৰাখে আৰু ফ্রান্সক গ'ল দিয়াৰ কোনো সুযোগ নিদিলে। স্পেইনৰ উইংগাৰ লামিন য়ামালক ভেটা দিয়াৰ চেষ্টা কৰোঁতে ফ্ৰান্সৰ ডিফেণ্ডাৰ লুকাছ ডিগ্নেই বক্সৰ ভিতৰত ফাউল কৰে। ফলত স্পেইনে পেনাল্টি লাভ কৰে। ডিগ্নেই হে'ডেৰে বল ওপৰলৈ মৰাৰ পাছত কিক্ কৰিবলৈ চেষ্টা কৰে। সেই সময়তে য়ামাল পিছফালৰ পৰা দৌৰি আহে, ডিগ্নেই তেওঁক দেখা পোৱা নাছিল আৰু বল প্ৰতিৰোধৰ বাবে ভৰি আগবঢ়াই দিয়ে। তেওঁৰ ভৰি য়ামালৰ উৰুত লাগে আৰু ৰেফাৰীয়ে লগে লগে পেনাল্টি দিয়ে। ইয়াৰে সুযোগ লৈ ২২ মিনিটত ওয়াৰজাবালে গ'লটো দিয়ে। শ্ল'-ম'শ্যনত দেখা পোৱা মতে, য়ামালে বল আয়ত্ত কৰিবলৈ চেষ্টা কৰাৰ সময়ত বল তেওঁৰ বাহুত লাগিছিল। সেয়েহে একাংশ ফুটবল প্রেমীয়ে কয় যে স্পেইনে পেনাল্টি পাব নালাগিছিল, কিয়নো য়ামালে আগতেই ফাউল কৰিছিল।
উল্লেখযোগ্য যে য়ামালে বল আয়ত্ত কৰিবলৈ যাওঁতে তেওঁৰ কিলাকুটি শৰীৰত লাগি আছিল আৰু সেয়েহে বল বাহুত লগা সত্ত্বেও ফাউল দিয়া হোৱা নাছিল। ইফালে ছেমি ফাইনেলৰ আগলৈকে এইবাৰৰ প্ৰতিযোগিতাত দুর্দান্ত গতিত খেলি অহা ফ্রান্সৰ অধিনায়ক কিলিয়ান এমবাপে কালিৰ মেচখনত স্পেইনৰ শক্তিশালী ডিফেন্সৰ সন্মুখত নিষ্প্রভ হৈ পৰে। তেওঁ কেইবাবাৰো অফছাইড পায় আৰু দ্বিতীয়ার্ধত হালধীয়া কার্ডো লাভকৰে। পেড্ৰ'ৱে দ্বিতীয়ার্ধত দানী আলোৰ সৈতে সুন্দৰ বুজাপৰা কৰি আগবাঢ়ি যায় আৰু অৱশেষত ফ্ৰান্সৰ প্ৰতিৰক্ষা ভেদ কৰি দলৰ হৈ দ্বিতীয়টো গ'ল দিয়ে। ইয়াৰ লগে লগে বিশ্বকাপত ফ্রান্সৰ সম্ভাৱনাও নোহোৱা হৈ পৰে। ফ্ৰান্সৰ পৰাজয়ৰ লগে লগে এইবাৰৰ বিশ্বকাপৰ অন্যতম হিৰ' এমবাপেৰ বিশ্বকাপ জয়ৰ সপোনো বিধ্বস্ত হৈ পৰে। ইফালে এইবাৰৰ বিশ্বকাপৰ স্পেইনে ষষ্ঠখন মেচত এটাও গ'ল নাখালে। ইয়াৰ জৰিয়তে স্পেইনে এক অভিলেখৰ সৃষ্টি কৰে। আনহাতে, স্পেইন এতিয়ালৈকে এবাৰো পৰাজিত হোৱা নাই। ইফালে ওয়াৰজাবালে পেনাল্টিত গ'ল দি আন এক অভিলেখ গঢ়ে। বিশ্বকাপৰ ইতিহাসত স্পেইন পেনাল্টিৰ জৰিয়তে সৰ্বাধিক (১৭টা) গ'ল দি এক ইতিহাসৰ সৃষ্টি কৰে।
ইফালে বিশ্বকাপত স্পেইনৰ হাতত পৰাজয়ৰ পাছতে ফ্ৰান্সত হিংসাত্মক ঘটনা ঘটে। দেশখনৰ ফুটবল দলটোৱে আশাহত কৰাৰ পাছত ফ্ৰান্সৰ ফুটবল অনুৰাগীসকল ক্ষুব্ধ হৈ পৰে। ইয়াৰ ফলত দেশখনৰ বিভিন্ন স্থানত পৰিস্থিতি হিংসাত্মক ৰূপ ধাৰণ কৰে। কেইবা ঠাইতো অগ্নিসংযোগ কৰা হয়। এমবাপেই নেতৃত্বৰ দলটো বিশ্বকাপৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পাছত ৰাজধানী পেৰিছৰ পৰিস্থিতি উত্তেজনাপূর্ণ হৈ পৰে। ক্ষুব্ধ ফুটবল অনুৰাগীসকল পথলৈ ওলাই আহি হিংসাত্মক কার্যত লিপ্ত হয়। দেশখনৰ ফুটবল দলটোৰ বিৰুদ্ধে শ্ল'গান দিয়াৰ লগতে কেইবা ঠাইতো অগ্নিসংযোগ কৰে।
পেৰিছৰ প্ৰখ্যাত চেম্পছ এলিচিৰ ড্ৰাগষ্ট'ৰৰ পাব্লিছিছ নামৰ এখন বিলাসী দোকানত উন্মত্ত হৈ পৰা ৩০ জনমান ফুটবল অনুৰাগী প্ৰৱেশ কৰে আৰু আইনাসমূহ ভাঙি পেলোৱাৰ লগতে সামগ্ৰীসমূহৰো ক্ষতি কৰে। দোকানখনত ব্যাপক হাৰত লুটপাত চলোৱা হয় আৰু দামী সুৰা তথা আভূষণ তাৰ পৰা লৈ যায়। পেৰিছত উন্মত্ত ফুটবল প্ৰেমীৰ সৈতে হোৱা সংঘৰ্ষত আৰক্ষীৰ ৪৫জন লোক আহত হয়। দলৰ পৰাজয়ত হতাশ আৰু ক্ষুব্ধ হৈ পৰা ফুটবল অনুৰাগীসকলে পেৰিছৰ উপৰি আন মহানগৰতো উৎপাত কৰা বুলি জনা গৈছে। তেওঁলোকে দোকান-পোহাৰ ভঙাৰ লগতে লুটপাতো কৰে।