ডিজিটেল ডেস্কঃ খেলি থাকোঁতেই কৰুণ মৃত্যুক সাবটিলে এজন যুৱকে। হাৰ্ট এটেক হৈ মৃত্যুক সাবটিলে ২৫ বছৰীয়া যুৱকজনে। হায়দৰাবাদৰ উপপাল ষ্টেডিয়ামৰ ইনড’ৰ বেডমিণ্টন ক’ৰ্টত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত যুৱকজনৰ নাম গুণ্ডলা ৰাকেশ। ভাইৰেল ভিডিঅ’টোত গুণ্ডলাই বেডমিণ্টনৰ ডাবলছ মেচ খেলি থকা দেখা গৈছে। খেলি থাকোঁতে হঠাতে হাৰ্ট এটেকৰ বাবে ঢলি পৰে যুৱকজন। সংগীসকলে তেওঁক চিকিৎসালয়লৈ লৈ গ’ল যদিও চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰে।
২৫ বছৰীয়া যুৱকজনৰ এই মৃত্যুৱে সকলোকে জোকাৰি গৈছে। ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই দৃশ্য দেখি সকলো আচৰিত হৈ পৰিছে। ৰাকেশে হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। মূলতঃ খাম্মাম জিলাৰ টাল্লাডা গাঁৱৰ বাসিন্দা আছিল ৰাকেশ।
হায়দৰাবাদৰ এই ঘটনাই যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকৰ প্ৰাদুৰ্ভাৱৰ ওপৰত পুনৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বেছিভাগ ঘটনাই খেলা-ধূলা আৰু ব্যায়াম কৰাৰ সময়ত সংঘটিত হৈছে, যাৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলেও এই বিষয়ে গৱেষণা কৰি আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট তথ্য লাভ কৰা হোৱা নাই।
উৎস : প্ৰাগ নিউজ ডিজিটেল