ডিজিটেল ডেস্ক : ভাৰতীয় চিনেমা জগতলৈ সুখবৰ কঢ়িয়াই আনি ২০২৬ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ শিতানত প্রতিযোগিতাৰ বাবে অৰ্হতা অৰ্জন কৰিছে দুখন ভাৰতীয় চিনেমাই।
কানাড়া ব্লকবাষ্টাৰ 'কান্তাৰা : এ লিজেণ্ড-ছেপ্টাৰ ১' আৰু হিন্দী ছবি 'তনবী দ্য গ্রেট'-এ ২০১খন চলচ্চিত্ৰৰ লগতে শ্রেষ্ঠ চলচ্চিত্র শিতানত প্রতিযোগিতাৰ বাবে নির্বাচিত হৈছে।
অকাদেমি অব্ ম'শ্যন পিকচাৰ আৰ্টছ আৰু ছায়েন্সে এই কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে অকাদেমিয়ে মুকলি কৰা তালিকাত আন দুখন ভাৰতীয় মাল্টিলিংগুৱেল এনিমেশ্যন ফিল্ম, অনুপম খেৰ পৰিচালিত 'মহাৱতাৰ নৰসিংহ' আৰু তামিল টাইটলৰ 'টুৰিষ্ট ফেমিলি'য়েও অস্কাৰৰ শিতানৰ প্ৰতিযোগিতাৰ বাবে অৰ্হতা অৰ্জন কৰিছে।