শৰৎ কালে চন্দ্ৰাৱলী ৰাতি।
দিব্য ৰাসক্ৰীড়া কৰিলা আতি॥
পঞ্চম ৰাগে গাইলা গীত হৰি।
শুনি মোহ ভৈলা গোপ সুন্দৰী॥
ডিজিটেল ডেস্ক : আজিৰে পৰা পবিত্ৰ ৰাস উৎসৱ। চন্দ্ৰাৱলী নিশা ৰাজ্যজুৰি ৰাসৰ উছাহ । আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ আৰম্ভ হৈছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত শ্ৰীকৃষ্ণৰ ৰাসলীলাক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা এই উৎসৱে অসমীয়া সমাজত আধ্যাত্মিকতা আৰু লোকসংস্কৃতিৰ এক অপূৰ্ব সমন্বয় ঘটাই আহিছে। এই বৰ্ষতো নৱেম্বৰ মাহৰ শাৰদীয় পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত ৰাজ্যজুৰি উলহ-মালহেৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।
ভাগৱত-পুৰাণ অনুসৰি, শ্ৰীকৃষ্ণই বৃন্দাবনৰ গোপীসকলৰ সৈতে শৰৎ কালৰ পূৰ্ণিমা নিশা অলৌকিক নৃত্য-গীতৰ লীলা কৰিছিল, সেয়াই 'ৰাসলীলা' হিচাপে খ্যাত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা 'কেলিগোপাল' নাটখনকেই অসমৰ ৰাস উৎসৱৰ মূল ভেটি বুলি কোৱা হয়
আৰু পৰৱৰ্তী সময়ত সত্ৰীয়া সংস্কৃতিৰ মাজেৰে ই এক বিশাল উৎসৱলৈ পৰিৱৰ্তিত হয়। ৰাস কেৱল নৃত্য-গীতৰ অনুষ্ঠান নহয়, বৰঞ্চ আত্মা-পৰমাত্মাৰ মিলনৰ এক আধ্যাত্মিক প্ৰতীক ।
উজনি আৰু নামনিৰ ৰাসৰ মাজত কিছু প্ৰভেদ আছে। উজনি অসমত ৰাস মূলতঃ অভিনয় বা জীৱন্ত ৰাসকেন্দ্ৰিক। আনহাতে, নামনি অসমৰ বহু ঠাইত মৃণ্ময় মূৰ্তিৰ জৰিয়তে ৰাসলীলা প্ৰদৰ্শন কৰা হয়।
উজনি অসমৰ মাজুলীৰ ৰাস যেনেদৰে জনপ্ৰিয় তেনেদৰেই জনপ্ৰিয় নামনি অসমৰ হাউলী, পলাশবাৰী, নলবাৰীৰ ৰাস উৎসৱ।
এই বৰ্ষৰ ৰাস মহোৎসৱে পৰম্পৰা আৰু আধুনিকতাৰ এক সুন্দৰ সমাহাৰ কঢ়িয়াই আনিছে। নৱ প্ৰজন্মৰ মাজতো ৰাসৰ অভিনয়, মুখা নিৰ্মাণ আৰু সত্ৰীয়া নৃত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাটো এক ইতিবাচক দিশৰ সূচনা কৰিছে। তদুপৰি, ৰাস মহোৎসৱে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনকো যথেষ্ট সমৃদ্ধ কৰে, যাৰ ফলত স্থানীয় শিল্পী, ব্যৱসায়ী আৰু মৃৎ শিল্পীসকল অৰ্থনৈতিকভাৱে লাভৱান হয় ।
ৰাস মহোৎসৱ কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই অসমীয়া জাতিৰ ঐক্য, সম্প্ৰীতি আৰু সাংস্কৃতিক
পৰম্পৰা চহকীৰ প্ৰতীক।
✍️নিকিমণি কছাৰী