ডিজিটেল ডেস্ক : বিশ্বৰ বাবে অহা বছৰ বতৰে এক নতুন প্রত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল প্রশান্ত মহাসাগৰত এল নিনোৰ পুনৰ উৎপত্তিৰ সম্ভাৱনা। ইয়াৰ ফলত অহা বছৰ সমগ্র বিশ্ব প্রচণ্ড গ্রীষ্ম প্রৱাহৰ কবলত পৰাৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞানীসকলে এইবুলি আশংকা প্রকাশ কৰিছে যে এই বছৰৰ শেষৰ ফালে প্রশান্ত মহাসাগৰত সাগৰীয় সোঁত এল নিনোৰ সৃষ্টি হ'লে ২০২৭ বৰ্ষত বিশ্বৰ তাপমাত্রা অভিলেখ হাৰত বৃদ্ধি পাব পাৰে। যদি সেয়ে হয় তেতিয়া ২০২৭ বর্ষটো বিগত তিনিটা দশকৰ ভিতৰত আটাইতকৈ গৰম বর্ষ হ'ব।
বতৰ বিজ্ঞানীসকলৰ বাবে উদ্বেগৰ বিষয়টো হ'ল যোৱা তিনিটা বছৰ ইতিমধ্যে আটাইতকৈ গৰম বর্ষ আছিল। তেনে অৱস্থাত বিশ্বৰ তাপমাত্রা পুনৰ বৃদ্ধি পালে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। দ্য গার্ডিয়ানত প্রকাশ পোৱা এটা বাতৰিত কোৱা হৈছে যে বতৰ বিজ্ঞান সংস্থা/সংগঠন তথা বতৰ বিজ্ঞানীসকলে চলিত বছৰৰ শেষৰফালে প্রশান্ত মহাসাগৰত এল নিনোৰ উৎপত্তি হোৱাৰ সম্ভাৱনা আছে বুলি প্রকাশ কৰিছে। এই ঘটনাই ২০২৭ বৰ্ষত বিশ্বৰ তাপমাত্রা বৃদ্ধিয়ে অভিলেখৰ সৃষ্টি কৰিব আৰু সমগ্র বিশ্বতে ইয়াৰ গুৰুতৰ প্রভাৱ পৰিব। বিশেষজ্ঞসকলে বাতৰিকাকতখনক কয় যে এতিয়াই নিশ্চিতভাৱে এই বিষয়ে কোৱাটো বহুত আগতীয়া হ'ব। বর্তমান চলিত বছৰতে এল নিনোৰ উৎপত্তি হ'ব বুলি নিশ্চিতভাৱে দাবী কৰিব নোৱাৰি, কিন্তু প্রশান্ত মহাসাগৰৰ পৃষ্ঠভাগত তাপমাত্রা বৃদ্ধিৰ যি ইংগিত পোৱা গৈছে তাৰ পৰা ক'ব পাৰি যে চলিত বছৰৰ শেষৰফালে সাগৰীয় সোঁত এল নিনোৰ উৎপত্তি হ'ব পাৰে। আমেৰিকাৰ নেশ্যনেল ওছেনিক এণ্ড এটম'স্ফেয়েৰি্ক এডমিনিষ্ট্ৰেশ্যন আৰু অষ্ট্ৰেলিয়াৰ ব্যুৰ' অব্ মেটেৰ'লজীয়ে কয় যে জলবায়ু মডেলে এল নিনো উৎপত্তি হোৱাৰ সম্ভাৱনাৰ সতর্কবাণী শুনাইছে। উল্লেখযোগ্য যে প্রশান্ত মহাসাগৰৰ সমুদ্রপৃষ্ঠৰ তাপমাত্ৰাৰ চক্রৰ সৈতে সমগ্র বিশ্বব চৰম বতৰৰ ঘটনাসমূহৰ সৈতে সম্পর্ক আছে। বিষুৱীয় প্রশান্ত মহাসাগৰৰ পূব অংশত স্বাভাৱিক অবস্থাতকৈ অধিক গৰম পানী জমা হৈ আমেৰিকা মহাদেশৰ উপকূললৈকে বৈ যায় আৰু ইয়াকে এল নিনো বুলি কোৱা হয়।
এল নিনোৱে সমগ্র বিশ্বৰ তাপমাত্রাত প্রভাৱ পেলায়। অষ্ট্ৰেলিয়াৰ মেটেৰ'লজিকেল ব্যুৰ'ৰ মতে, একাংশ মডেলৰ মতে, জুনৰ পৰাই এল নিনোৰ প্রৱাহ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আন একাংশ বতৰ বিজ্ঞানীৰ মতে চলিত বছৰৰ শেষৰ ফালে এল নিনোৰ উৎপত্তি হোৱাৰ সম্ভাৱনা ৫০%হে আছে।