ডিজিটেল ডেস্ক : আনলাইনযোগে ধর্মীয় মৌলবাদৰ প্ৰচাৰ চলাই থকা এটা গোচৰৰ সংক্রান্তত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (নিয়া) বুধবাৰে দেশজুৰি অভিযান চলায়। সন্ত্রাসবাদী সংগঠন আইছিছ আৰু আল কায়দাৰ (ভাৰত উপ-মহাদেশ) আদৰ্শৰে যুৱ সমাজক প্ৰভাৱিত কৰি গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰৰ বিৰুদ্ধে হিংসা-জিহাদৰ জৰিয়তে ভাৰতক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে দেশজুৰি অনলাইন মৌলবাদী কার্যকলাপ চলাই থকা হৈছিল। এই গোচৰৰ সংক্ৰান্ততে নিয়াৰ দলে দেশৰ ১০খন ৰাজ্যৰ ২০টা স্থানত বুধবাৰে একে সময়তে তালাচী চলায়।
'আৰ চি-০১/২০২৬/নিয়া/ভি এছ কে পি'ৰ গোচৰটোৰ সংক্ৰান্তত চলি থকা তদন্তৰ অংশ হিচাপে কালি নিয়াৰ দলে অন্ধ্র প্রদেশ, তেলেংগানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্রদেশ, পশ্চিম বংগ, বিহাৰ, ৰাজস্থান, গুজৰাট, দিল্লীসহ ১০ ৰাজ্যৰ ২০ ঠাইত তালাচী চলায়। কালিৰ তালাচীত নিয়াৰ দলে বহুতো ডিজিটেল সঁজুলি জব্দ কৰে আৰু ধর্মীয় মৌলবাদ প্ৰচাৰৰ ষড়যন্ত্ৰত ব্যৱহাৰ কৰা তথ্য উলিয়াবলৈ জব্দ কৰা ডিজিটেল সঁজুলিবোৰ পৰীক্ষাৰ বাবে ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰে। নিয়াৰ দলে তালাচীৰ সময়ত হায়দৰাবাদৰ সাইদাবাদৰ পৰা এজনী মহিলাসহ ১২টা অভিযুক্তক এই গোচৰৰ সংক্রান্তত গ্রেপ্তাৰ কৰে। এই গোচৰৰ সংক্ৰান্তত নিয়াই এটা নাবালককো গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে যোৱা মাৰ্চত অন্ধ্র প্ৰদেশ আৰক্ষীয়ে বিজয়ৱাড়াত এই গোচৰটো ৰুজু কৰিছিল। এই গোচৰৰ প্রধান অভিযুক্ত বেহমতুল্লা শ্বৰীফ মহম্মদৰ বাসভৱনত অন্ধ প্রদেশ আৰক্ষীয়ে তালাচী চলাই নিষিদ্ধ সংগঠন আল কায়দা (ভাৰত উপ-মহাদেশ) আৰু আইছিছৰ (ইছলামিক স্টেট) সৈতে জড়িত থকা কিছুমান আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছিল। ইয়াৰ পাছতেই অন্ধ্র প্রদেশ আৰক্ষীয়ে গোচৰটোৰ তদন্ত নিয়ালৈ হস্তান্তৰ কৰে।
আনহাতে, পূর্বে জব্দ কৰা ডিজিটেল সঁজুলিবোৰৰ বিশদ কাৰিকৰী বিশ্লেষণৰ ওপৰত ভিত্তি কৰি কালি নিয়াই দেশজুৰি বিভিন্ন ঠাইত তালাচী চলায়। ভাৰতক ইছলামিক বাষ্ট্র হিচাপে প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে বিভিন্ন মৌলবাদী কার্যকলাপেৰে দেশক অস্থিৰ কৰা আৰু 'খিলাফৎ' প্রতিষ্ঠাৰ বাবে ষড়যন্ত্রত জড়িত অভিযুক্তৰ একাংশক কালি নিয়াই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল। নিয়াৰ সূত্রই প্ৰকাশ কৰা মতে, এই অভিযুক্তকেইটাই দেশৰ বিভিন্ন অঞ্চলত যুৱক-যুৱতীক মৌলবাদী আদৰ্শৰে প্ৰভাৱিত কৰি জিহাদী কার্যকলাপত লিপ্ত হ'বলৈ উদগনি দি আহিছে। এই অভিযুক্তকেইটাই বিদেশী হেগুলাৰৰ সহযোগত অনলাইনযোগে জিহাদী আদর্শ প্ৰচাৰ আৰু ভাৰত-বিৰোধী ষড়যন্ত্রত লিপ্ত আছিল।