প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত কেবিনেট বৈঠক, দেশৰ সৰ্ববৃহৎ ছেমিকণ্ডাক্টৰ মিছন ২.০ত অনুমোদন

dainik janambhumi July 16, 2026

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্ববৃহৎ ছেমিকণ্ডাক্টৰ মিছনৰ দ্বিতীয় সংস্কৰণত কালি অনুমোদন জনায়। ছেমিকণ্ডাক্টৰ মিছন-২.০ত প্রায় ১.২৭ লাখ কোটি টকা ব্যয় হ'ব। এই নতুন আঁচনিখনৰ গুৰুত্বপূৰ্ণ দিশটো হ'ল ছিপ নিৰ্মাণৰ ওচৰ-পাঁজৰৰ যোগান শৃংখলাক ৰাজসাহায্য দিয়া হ'ব যাতে গেছ আৰু উৎপাদন প্রক্রিয়াত ব্যৱহাৰ কৰা মিকেলৰ দৰে সামগ্রী তৈয়াৰ কৰা কোম্পানীক আকৰ্ষিত কৰিব পাৰি। 

ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন -১.০ৰ (আই এছ এম-১) তুলনাত আই এছ এম ২.০ত চৰকাৰী অর্থনৈতিক উদগনি হ্রাস কৰা হৈছে। উদাহৰণ স্বৰূপে প্ৰথমখন আঁচনিত ফেব আৰু এছেম্বলী প্ৰকল্পৰ বাবে ৫০% এক সমান কেপেক্স ৰাজসাহায্য দিয়া হৈছিল। আই এছ এম-২.০ত ছিলিকন ফেবক ৪০%, আন ফেবক ৩৫%, আৰু পৰম্পৰাগত পেকেজিঙৰ বাবে ২৫% ৰাজসাহায্য দিয়া হ'ব। ইয়াৰ উপৰি আই এছ এম ২.০ত ছেমিকণ্ডাক্টৰ খণ্ডত গৱেষণা আৰু উন্নয়ন তথা প্ৰতিভাৰ উন্নয়নৰ বাবে চৰকাৰী ৰাজসাহায্য দিয়া হ'ব। এই আঁচনিৰ জৰিয়তে ভাৰতে ২০২৯ চনত ঘৰুৱা ব্যৱহাৰৰ বাবে প্ৰয়োজন হোৱা ৭০-৭৫% ছিপছৰ ডিজাইন আৰু উৎপাদনৰ লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে ২০৩৫ চনৰ ভিতৰত ভাৰতে ছেমিকণ্ডাক্টৰ উৎপাদন কৰা শীর্ষ স্থানীয় দেশবোৰৰ ভিতৰত স্থান লাভৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে আই এছ এম-১.০ৰ জৰিয়তে ফেব্রিকেশ্যন আৰু পেকেজিঙৰ পৰা আৰম্ভ কৰি ডিজাইন আৰু ডিছপ্লে তথা উৎপাদনলৈকে এক পূর্ণ পৰ্যায়ৰ পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰৰ সমৰ্থনত এক প্রচেষ্টা হিচাপে লোৱা হৈছিল। এই আঁচনিৰ অধীনত সর্বমুঠ ১৬৪ লাখ কোটি টকা বিনিয়োগৰ প্রতিশ্রুতি দিয়া হৈছিল। 

উল্লেখযোগ্য যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেই এই বছৰৰ বাজেটত আই এছ এম-২.০ৰ প্ৰস্তাৱ কৰিছিল। আই এছ এমৰ অধীনত ১২টা ছিপ প্রকল্পত অনুমোদন জনোৱা হৈছিল আৰু এই প্রকল্পকেইটা গুজৰাট, অসম, অন্ধ্র প্রদেশ, উত্তৰ প্ৰদেশ আৰু ওড়িশাৰ দৰে ৰাজ্যত স্থাপন কৰা হৈছে। কেন্দ্রীয় কেবিনেটে আজি ইয়াৰ উপৰি আন ছটা প্রকল্পত অনুমোদন জনায়। ইয়াৰ ভিতৰত ম'বাইল ফ'ন উৎপাদন আঁচনি (এম পি এম এছ) আৰু ইউৰিয়া-২০২৬ৰ বাবে ৰাষ্ট্ৰীয় বিনিয়োগ নীতিও আছে। এই আঁচনিসমূহত মুঠতে ২,১৯,৩৫৩ কোটি টকা ব্যয় হ'ব। 

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা বিষয়ত কেবিনেট কমিটীয়ে (চি চি ই এ) এই সিদ্ধান্তসমূহ গ্ৰহণ কৰে। চি চি ই এই ৬২,৫০০ কোটি টকাৰ ম'বাইল কৰিডৰত অনুমোদন জনায়। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কেবিনেটে লোৱা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰি কয় যে বাৰাণসী মহানগৰত যান-জটৰ সমস্যা দূৰ কৰাৰ কাৰণে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসী ৰিং ৰ'ডৰ বৰুণা নদীৰ পাৰক সংযোজিত কৰা বাবে ৪৩.২১৮ কিল'মিটাৰ দৈৰ্ঘ্যৰ চাৰি লেনৰ এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াক ১০,৯৯৮.৩২ কোটি টকা ব্যয় হ'ব। ইয়াৰ লগতে গংগা নদীৰ পাৰত ১৪,৪৪৮ কোটি টকা ব্যয়ৰে ছয়লেনযুক্ত এলিভেটেড কৰিড'ৰত অনুমোদন জনায়। 

আনহাতে চৰকাৰে প্রায় ৬২,৫০০ কোটি টকাৰ ম'বাইল ফ'ন উৎপাদন আঁচনিত (এম পি এম এছ) অনুমোদন জনায়। চৰকাৰে কৃষকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ইউৰিয়াৰ বাবে ৰাষ্ট্ৰীয় বিনিয়োগ নীতি-২০২৬ত অনুমোদন জনায়। এই আঁচনিৰ উদ্দেশ্য হ'ল ইউৰিয়া উৎপাদনত দেশক আত্মনিৰ্ভৰ কৰি তোলা। মন্ত্ৰী বৈষ্ণৱে স্পষ্ট কৰি দিয়ে যে ই এক নীতিগত সিদ্ধান্ত আৰু ইয়াৰ বাবে কোনো বিশেষ আবণ্টন জনোৱা হোৱা নাই। আনহাতে ২৫৪২ কোটি টকা ব্যয় সাপেক্ষ পাৰাদীপ-হৰিদাসপুৰ ৰে'ল লাইন দ্বৈতকৰণ আৰু ডাংগোআপোচী আৰু ৰাজখৰসৱাৰ মাজত চতুৰ্থটো ৰে'ল লাইন নির্মাণতো অনুমোদন জনায়।

Share This