ডিজিটেল ডেস্ক: 'অংকুৰম' নামৰ স্বেচ্ছাসেবী সংগঠনটোয়ে কালি গুৱাহাটীত আয়োজন কৰা এখন সংবাদমেলত অংকুৰম এক্সিলেঞ্চ এবার্ড-২০২৫ৰ প্রাপকসকলৰ নাম ঘোষণা কৰে। ২৪টা শিতানত এই বঁটা ঘোষণা কৰা হয়।
সেই অনুসৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সংগঠনটোৱে মৰণোত্তৰভাৱে আগবঢ়াব 'জীৱনজোৰা সাধনা বঁটা'। আনহাতে ২০২৫ বৰ্ষৰ ছপা মাধ্যমৰ শিতানত 'দৈনিক জনমভূমি' কাকতলৈ আৰু বৈদ্যুতিন মাধ্যমৰ শিতানত নিউজ-১৮'লৈ অংকুৰম এক্সিলেঞ্চ এৱাৰ্ড প্ৰদান কৰা হ'ব। ঘোষণা কৰা অনুসৰি শিক্ষাৰ ক্ষেত্ৰত ড° বুলজিত বুঢ়াগোহাঁই, সমাজসেৱাৰ ক্ষেত্ৰত ভূৱন শইকীয়া, উদ্যমী ক্ষেত্ৰত সুভীৰ ঘোষ, চিনেমা শিতানত ভাইমন দা, চুটি চিনেমা শিতানত লাচিত দ্য ৱাৰিয়ৰ, অভিনয়ৰ ক্ষেত্ৰত বনদীপ শৰ্মা আৰু জুনু নাথ, সংগীতৰ ক্ষেত্ৰত আচুৰ্য বৰপাত্ৰ আৰু সুবাসনা দত্ত, শ্রেষ্ঠ পৰিচালকৰ শিতানত শশাংক সমীৰ, সাহিত্য শিতানত ৰীতা চৌধুৰী, খেল শিতানত উমা চেত্রী, সাংবাদিকতাৰ ক্ষেত্ৰত গৌতম শৰ্মা আৰু গলিবুৰ ৰহমানৰ লগতে আন কেইবাজনকো বিভিন্ন শিতান, ক্ষেত্রত বঁটা প্রদান কৰা হ'ব।
ঘোষণা কৰা বঁটাসমূহ অহা ৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্রেক্ষাগৃহত আগবঢ়োৱা হ'ব। উক্ত অনুষ্ঠানত জুবিন গাৰ্গলৈ বিশেষ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ স্মৃতিত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব। লগতে জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্রাণিত হৈ 'নিজৰ ঘৰ' নামেৰে গৃহহীন লোকক ঘৰ প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও সংগঠনটোৱে উল্লেখ কৰে। সংবাদমেলত সংগঠনটোৰ সভাপতি প্রাকৃতিষ বৰাৰ লগতে আন কেইবাগৰাকীও সদস্য উপস্থিত থাকে।