ৰিয়ানৰ পৰা উত্তৰ বিচাৰিব বি চি চি আয়ে

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক : মঙলবাৰে আই পি এলত পঞ্জাব কিংছক পৰাজিত কৰিছিল ৰাজস্থান ৰয়েলছে। সেই মেচখনতে বিতৰ্কৰে জড়িত হৈ পৰে ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ। ৰিয়ানক ড্রেছিং ৰূমত ইলেক্ট্রনিক চিগাৰেট সেৱন কৰা দেখা যায়। সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। 

এই প্রসংগত বি চি চি আয়ে প্রতিক্রিয়া ব্যক্তি কৰিছে। ৰাজস্থানৰ ইনিংছৰ ষষ্টদশ অ'ভাৰত ঘটনাটো ঘটিছিল। ৰিয়ানে মুখৰ সন্মুখত এটা যন্ত্ৰ ধৰি আছিল। সেই সময়ত তেওঁৰ কাষলৈ আহে যশস্বী জয়ছোৱাল। তেওঁ আঁতৰি যোৱাৰ পাছতেই দেখা গ'ল ৰিয়ানৰ মুখৰ পৰা ধোঁৱা বাহিৰ হৈছে। ধাৰণা কৰা হৈছে যে তেওঁ ই-চিগাৰেট সেৱন কৰিছিল। 

প্রসংগতঃ ভাৰতত ই-চিগাৰেট নিষিদ্ধ। ই-চিগাৰেট সেৱন কৰি বিতৰ্কত জড়িত হৈ পৰা ৰিয়ানৰ প্ৰসংগত প্রতিক্রিয়া ব্যক্ত কৰি ভাৰতীয় ব'ৰ্ডে তেওঁৰ পৰা উত্তৰ বিচাৰিব। উপযুক্ত উত্তৰ দিব নোৱাৰিলে ৰিয়ানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি ব'র্ডে সকীয়াই দিছে। কাৰণ ড্রেছিং ৰূমত ধূমপানৰ অনুমতি নাই।

Share This