সীমান্তৰ সমীপত ড্ৰ'ন আক্ৰমণৰ আশংকা

dainik janambhumi June 17, 2026

ডিজিটেল ডেস্ক : দেশৰ সীমান্তইদি চুবুৰীয়া দেশৰ পৰা ড্ৰ'ন আক্ৰমণৰ আশংকা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰত চৰকাৰে সতর্ক কৰি দিয়ে যে সীমান্তৰ সমীপত থকা গুৰুত্বপূর্ণ আন্তঃগাঁথনিসমূহত ভয়াৱহ ড্র'ন আক্রমণ সংঘটিত হ'ব পাৰে। ইয়াৰ পাছতে সমগ্র দেশজুৰি গুৰুত্বপূর্ণ সম্পদসমূহ সুৰক্ষিত কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে  নিৰাপত্তা সংস্থাসমূহক ড্র'ন-প্ৰতিৰোধী প্রযুক্তি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কাম কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰসমূহে প্রকাশ কৰা মতে, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ সামুদ্রিক সুৰক্ষা শাখাই সম্ভাব্য ড্র'ন আক্ৰমণৰ সতর্কবাণী জাৰি কৰি কয় যে দেশৰ জল আৰু ভূমি সীমান্তৰ সমীপত থকা গুৰুত্বপূর্ণ সম্পদ আৰু আন্তঃগাঁথনিবোৰত চুবুৰীয়া দেশে আক্রমণ কৰিব পাৰে। বিশ্বৰ বিভিন্ন গুৰুত্বপূর্ণ সম্পদ আৰু আন্তগাঁথনিবোৰত সাম্প্ৰতিক সময়ত ড্র'ন আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে আৰু বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত এই আক্ৰমণৰ ঘটনা প্রায় নিতৌ হৈ আছে।

গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিবোৰত আক্ৰমণ কৰি সেইসমূহৰ কাৰ্যক্ষমতা ব্যাহত কৰা হৈছে। এই ঘটনা প্ৰৱাহৰ মাজতে দেশৰ সামুদ্রিক সুৰক্ষা সংস্থাটোৱে সতৰ্ক কৰি দিছে যে আমাৰ দেশৰ গুৰুত্বপূৰ্ণ সম্পদবোৰ সুৰক্ষিত কৰিবলৈ এটা দৃঢ় পদক্ষেপ লোৱাটো জৰুৰী হৈ পৰিছে। বিশেষকৈ দেশৰ ভূমি আৰু জল সীমান্তৰ সমীপত গুৰুত্বপূর্ণ আন্তঃগাঁথনিবোৰক সম্ভাব্য ড্র'ন আক্ৰমণৰ পৰা প্রতিহত কৰিবলৈ ড্র'ন-প্ৰতিৰোধী পদ্ধতি সংস্থাপন কৰিব লাগে। এই সম্ভাব্য আক্ৰমণৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি, গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে সীমান্ত সুৰক্ষা বাহিনীত (বি এছ এফ) ড্র'ন-প্ৰতিৰোধী সমিতি গঠন কৰি দিছে। এই সমিতিখনে ভাৰতত ড্র'ন প্ৰতিৰোধী প্রযুক্তি পদ্ধতিৰ মূল্যায়ন আৰু প্রমাণীকৃত কৰি আছে। পাকিস্তানৰ সৈতে থকা পঞ্জাব সীমান্তৰ বি এছ এফে ইতিমধ্যে এই ড্র'ন প্রতিৰোধী পদ্ধতিৰ পৰীক্ষণ আৰম্ভ কৰিছে। ঠিক সেইদৰে, কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়েও (চি আই এছ এফ) ডি আৰ ডি অ', ইন্টেলিজেন্স ব্যুৰ', বিমানবন্দৰ প্ৰাধিকৰণ, বি এছ এফ আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ বিষয়ববীয়াক সদস্য হিচাপে লৈ এখন উপ-সমিতি গঠন কৰিছে।

কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে কয় যে ইয়াৰ অনুমোদনক্রমে আৰু সমিতিৰ সম্ভাব্য আক্রমণৰ মূল্যায়ন আৰু সমীক্ষাৰ ভিত্তিত ত্তিত গুৰুত্বপূৰ্ণ সম্পদ আৰু আন্তঃগাঁথনিত ড্র'ন প্রতিৰোধী পদ্ধতি সংস্থাপন কৰা হ'ব। উল্লেখযোগ্য যে সমাগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পঞ্জাবত সীমাৰ সিপাৰৰ পৰা পাকিস্তানে ইতিমধ্যে ড্র'নেৰে সন্ত্রাস আৰম্ভ কৰিছে। নিচাযুক্ত সামগ্ৰী আৰু অবৈধ অস্ত্ৰৰ সৰবৰাহ কাৰ্য পাকিস্তানে পঞ্জাবত প্রায়ে কৰি থাকে। কিন্তু কেইদিনমানৰ পূৰ্বে পাকিস্তানে পঞ্জাবত দুটাকৈ ড্র'ন আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল।

Share This