ডিমৰীয়াত আঁচনিৰ শুভাৰম্ভ কৰিলে বন মন্ত্রীয়ে, প্রতিটো বিধানসভা সমষ্টিত হ'ব 'জন্মদিন শপত উদ্যান'

dainik janambhumi July 08, 2026

ডিজিটেল ডেস্ক : সেউজ অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক দূৰদৰ্শী পদক্ষেপৰ অংশ হিচাপে কালি ডিমৰীয়া বিধানসভা সমষ্টিৰ ক্ষেত্ৰীৰ টোপাতলীত 'জন্মদিন শপত উদ্যান' আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। 

উল্লেখযোগ্য যে যোৱা ১ জুলাইৰ পৰা আৰম্ভ হোৱা বন মহোৎসৱৰ কালি সামৰণিৰ দিন। বন মহোৎসৱৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ 'জন্মদিন শপত উদ্যান' স্থাপনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। কালিৰ অনুষ্ঠানত বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্যানখনৰ শুভাৰম্ভ কৰি গছপুলি ৰোপণ কৰে। উক্ত অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসৰ লগতে আন আন বিশিষ্ট লোক তথা বন বিভাগৰ বিষয়া-কর্মচাৰী উপস্থিত থাকে। প্রণিধানযোগ্য যে 'নিজৰ জন্মদিনত এজোপা গছ' নতুন চিন্তাৰে অনুষ্ঠানত বন মন্ত্ৰী বৰুৱাই কয় য়ে 'গছ-বন ৰক্ষাৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ আৱেগক জড়িত কৰাৰ নতুন চিন্তাৰেই এই উদ্যান স্থাপন কৰা হ'ব। নিজৰ জন্মদিনটো সকলোৰে বাবে স্মৰণীয়। সেই দিনটোত যদি প্রতিজনে এজোপা গছপুলি ৰোপণ কৰি সময়ে সময়ে যতন কৰে, তেন্তে পৃথিৱীত আমি এখন সুন্দৰ সেউজ অসম গঢ়িব পাৰিম। তেওঁ লগতে কয় যে এই শপত উদ্যান প্রতিটো সমষ্টিত স্থাপন কৰাৰ পাছত বন বিভাগে চোৱা-চিতা কৰিব। 

ৰাইজে নিজৰ সমষ্টিৰ বাবে উপযুক্ত ঠাই নিৰ্বাচন কৰিবলৈ মন্ত্ৰী-বিধায়কক পত্র দিব। ইপিনে ডিমৰীয়াত কিছুদিন পূর্বে বন্য হাতী নিধনৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় য়ে 'অসমৰ ভূমিত আমাৰ মানুহে হাতী নিধন নকৰে। বহিঃৰাজ্যৰ চোৰাং চিকাৰীৰ বাবেহে এনে ঘটনা ঘটে। মানুহ-হাতীৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ কেনেকৈ কমাব পাৰি তাৰো চিন্তা কৰিব লাগিব। আনহাতে ৰিং ৰ'ড নিৰ্মাণৰ বাবে পাহাৰ খননৰ সন্দৰ্ভত তেওঁ কয় য়ে 'উন্নয়নো হ'ব লাগিব, প্রকৃতিও ৰক্ষা হ'ব লাগিব। ৰিং ৰ'ড হ'লে গুৱাহাটী মহানগৰৰ যাতায়াত সহজ হ'ব আৰু মানুহৰ উন্নয়নো হ'ব। 

ৰাজ্য চৰকাৰৰ এই পদক্ষেপে প্রতিটো সমষ্টিত পৰিৱেশ সংৰক্ষণ আৰু গছ-গছনিৰ প্ৰতি জনসাধাৰণৰ দায়বদ্ধতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। গছপুলি ৰোপণৰ সৈতে সংগতি ৰাখি সেউজ, পৰিষ্কাৰ আৰু সুস্থ অসম গঢ়াৰ এই জনমুখী অভিযানক সফল কৰি তুলিবলৈ আজি বহু লোকে অংশগ্ৰহণ কৰে।

Share This