ডিজিটেল ডেস্ক : কুৰি শতিকাৰ দোকমোকালিৰ পৰাই আধুনিক অসমীয়া জাতি গঠনৰ আন্দোলনটোৰ মূলতঃ ছাত্র শক্তিয়েই নেতৃত্ব দি অহাৰ ইতিহাসৰ বিষয়ে ইতিমধ্যে বহুল চর্চা হৈছে। ১৮৭২ চনত কলিকতাত গঠিত আছামিছ ষ্টুডেণ্টছ লিটাৰেৰী ক্লাব, চমুকৈ এ এ এছ এল ক্লাব, পৰৱৰ্তী সময়ত ১৮৮৮ চনত গঠিত অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু সেই ছাত্র শক্তিয়ে সূচনা কৰা আধুনিক অসমীয়া ভাষা-সাহিত্যিৰ স্বর্ণিল অধ্যায় জোনাকী যুগ, ১৯১৬ চনত গঠিত অসম ছাত্র সন্মিলন- এইবিলাক হৈছে ভাষিক জাতীয়তাবাদৰ আধাৰত বৃহত্তৰ অসমৰ সকলো জাতি-জনগোষ্ঠীক সামৰি লৈ এখন আধুনিক শক্তিশালী অসম নিৰ্মাণৰ সপোনৰ যাত্ৰাৰ একো একোটা মাইলৰ খুঁটি। সেই ইতিহাসৰ শক্তি লৈয়ে আৰু সেই চেতনাৰে উদ্বুদ্ধ হৈয়ে স্বৰাজোত্তৰ অসমতো সামাজিক-ৰাজনৈতিক ক্ষেত্রত ছাত্র শক্তিয়ে নির্ণায়ক এক ভূমিকা পালন কৰি অহাৰ সত্যটোক কোনেও অস্বীকাৰ নকৰে। আমাৰ ৰাজ্যখনৰ এই ধাৰাটোৰ প্ৰৱাহত সদৌ অসম ছাত্র সন্থাই মুখ্য ভূমিকা পালন কৰি আহিছে।
যোৱা আঠটা দশকত বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্র-সংগঠনকে ধৰি বহু জাতীয়তাবাদী ছাত্র-যুৱ শক্তিৰ উত্থান ঘটিলেও সদৌ অসম ছাত্র সন্থাই জাতীয় জীৱনত এতিয়ালৈকে লাভ কৰি অহা গুৰুত্ব অনন্য বুলিয়ে ক'ব লাগিব। সেই সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানখনৰ ৬০ বছৰ হোৱা উপলক্ষে সংগঠনটোৱে সোমবাৰে গুৱাহাটীৰ সৰুসজাইৰ ষ্টেডিয়ামত এখন প্রতিনিধিত্বমূলক ছাত্ৰ সমাৱেশ অনুষ্ঠিত কৰি বছৰজোৰা কাৰ্যসূচীৰ পাতনি মেলিছে। চলিত বর্ষটোত সংগঠনটোৰ সংগ্ৰামী ইতিহাস ৰোমন্থনৰ বাবে হয়তো বিভিন্ন কার্যসূচী গ্ৰহণ কৰা হ'ব আৰু এই ঐতিহ্যৰ পৰা শক্তি আহৰণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বক ভৱিষ্যতৰ দিনবোৰতো অক্ষুণ্ণ ৰখাৰ বাবে নিশ্চয় বাস্তৱসন্মত কর্ম আঁচনি গ্রহণ কৰা হ'ব। যিখন সংবিধানেৰে সদৌ অসম ছাত্ৰ সন্থা যোৱা ছটা দশক ধৰি পৰিচালিত হৈ আছে সেইখন গ্রহণ কৰা হৈছিল ১৯৬৭ চনৰ ৮ আগষ্ট তাৰিখে তেজপুৰত অনুষ্ঠিত অধিৱেশনত।
সংবিধানখনৰ প্ৰস্তাৱনাতকোৱা হৈছে, 'আমি অসমৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে গুৰুত্বসহকাৰে স্থিৰ কৰোঁ যে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক ন্যায়, চিন্তা প্রকাশ, ধাৰণা আৰু বিশ্বাসৰ স্বাধীনতা, মর্যাদা আৰু সা-সুবিধাৰ সমানতা, ব্যক্তিত্বৰ সন্মান আৰু জাতীয় ঐক্য অটুট ৰাখি ভাতৃত্ব ভাব আহৰণ কৰিবলৈ আৰু গঢ়ি তুলিবলৈ কৰিব লগা প্রচেষ্টাত ব্রতী হ'বলৈ ছাত্র-ছাত্ৰীক সংগঠিত কৰিবৰ কাৰণে জাতি-ধর্ম-বর্ণ নির্বিশেষে এখন সন্থা গঠন কৰিম।' প্রস্তাৱনাটোৰ গাঁথনিলৈ লক্ষ্য কৰিলেই গম পোৱা যায় যে জাতি-ধর্ম-বর্ণ নির্বিশেষে ৰাজ্যৰ সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক বিকাশৰ সমান্তৰালকৈ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক ন্যায় প্রতিষ্ঠাৰ হকে, অসমৰ ছাত্ৰ-ছাত্ৰীৰ মৰ্যাদা আৰু ব্যক্তিত্বৰ সন্মান বক্ষা পৰে, সা-সুবিধাৰ ক্ষেত্ৰত যাতে বৈষম্যৰ বলি হ'ব লগা নহয় আৰু জাতীয় ঐক্য ৰক্ষা কৰি সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি বিকাশৰ যাত্ৰাত অগ্ৰসৰ হ'ব পাৰে তাৰ বাবে কাম কৰাৰ লক্ষ্যৰেই সেই সময়ৰ উদ্যোক্তাসকলে সংগঠনটো গঠন কৰাৰ সংকল্প গ্রহণ কৰিছিল। এইখন সংবিধান সন্মুখত লৈয়ে সদৌ অসম ছাত্র সন্থাই ১৯৭২ চনত শিক্ষাৰ মাধ্যম আন্দোলন, ১৯৭৪ চনত ২১ দফীয়া দাবী চনদৰ সমর্থনত আন্দোলন (খাদ্য আন্দোলন) আৰু ১৯৭৯ চনৰ পৰা ১৯৮৫ চনৰ ১৫ আগষ্টলৈকে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ ছবছৰীয়া আন্দোলনৰ নেতৃত্ব প্রদান কৰি জাতীয় জীৱনত ঐক্যবদ্ধ ছাত্র-শক্তিৰ গুৰুত্ব প্ৰতিষ্ঠা কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চর্চিত হোৱা এটা সংগঠনলৈ নিজৰ উত্তৰণ ঘটাবলৈ সক্ষম হৈছিল। এই সমগ্র ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে সদৌ অসম ছাত্র সন্থাৰ এই সংগ্ৰামী চৰিত্ৰটোৱে ৰাজ্যৰ ছাত্র-শক্তিক সামাজিক-ৰাজনৈতিকভাৱে সচেতন কৰি তোলাত যথেষ্ট অৰিহণা যোগালে, বিশেষকৈ দলীয় ৰাজনীতিৰ পৰা মুক্ত হৈ থকা ছাত্র-ছাত্রীসকলক। অৱশ্যে, ছাত্র সংগঠনটোৰ কেতবোৰ ভূমিকাক লৈ বিতর্ক নোহোৱাকৈও থকা নাই। এনেকৈ ঘাত-প্রতিঘাতপূর্ণ সংগ্রামী ধাৰাৰে আগবাঢ়ি যোৱা সদৌ অসম ছাত্র সন্থাই সংবিধানৰ ৬০ বছৰ উদ্যাপন কৰাৰ মুহূৰ্তত কিছুমান প্রশ্ন, কিছুমান প্রত্যাহ্বান সংগঠনটোৰ সন্মুখলৈ আহিছে। আটাইতকৈ গুৰুত্বপূর্ণ প্রশ্নটো হৈছে পৰিৱৰ্তিত সময়, পৰিৱৰ্তিত সামাজিক-ৰাজনৈতিক পৰিৱেশ, পৰিৱৰ্তিত চিন্তা-চেতনাৰ মাজত সংগঠনটোৱে নিজৰ ছয় দশকজোৰা গুৰুত্বক কেনেকৈ অক্ষুণ্ণ ৰাখিব? অস্বীকাৰ কৰিব নোৱাৰা সত্যটো হ'ল কুৰি শতিকাত জীপাল হৈ থকা অসমীয়া ভাষিক জাতীয়তাবাদৰ ভেটিটোৰ ৰূপটোৰ এতিয়া যথেষ্ট পৰিৱৰ্তন ঘটিছে। প্ৰায়বোৰ জাতি-জনগোষ্ঠী নিজৰ ভাষা-সংস্কৃতি, ৰাজনৈতিক অধিকাৰক লৈ সচেতন হৈছে, সংগ্রামত ব্রতী হৈছে। তদুপৰি, যিটো শৈক্ষিক গাঁথনিৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম আৰু বিকাশ হৈছিল তাৰো ৰূপান্তৰ হৈছে।
চৰকাৰী খণ্ডৰ বহু বিদ্যালয়ে অস্তিত্বৰ সংকটত ভোগাৰ বিপৰীতে বাঢ়ি আহিছে ব্যক্তিগত খণ্ড আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়। ৰাজ্যত বৃদ্ধি পাইছে কেন্দ্রীয় বিদ্যালয়, বিশ্ববিদ্যালয় আৰু আই আই টিকে ধৰি কেন্দ্ৰীয় শৈক্ষিক প্রতিষ্ঠান। বাঢ়ি গৈছে মেডিকেল-ইঞ্জিনিয়াৰিং কলেজ, প্রতিষ্ঠানৰ সংখ্যা। উচ্চ শিক্ষাৰ বাবে ৰাজ্যৰ শিক্ষাৰ্থীৰ বহির্গমনৰ হাৰ বৃদ্ধি পাই গৈ আছে। এনে অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক আধাৰটো কি হ'ব বা কোনবোৰ শিক্ষার্থী থাকিব সংগঠনটোৰ সাংগঠনিক গাঁথনিত? কেৱল শৈক্ষিক প্রতিষ্ঠানেই নহয়, শিক্ষা ব্যৱস্থাটোৰো ৰূপান্তৰ ঘটিছে অভাৱনীয়ভাবে। প্রাথমিক বিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ হৈ যায় প্রতিযোগিতাৰ এটা পৰিৱেশ। অন্যহাতে, ঘৰুৱা আৰু সামাজিক পৰিৱেশৰো ৰূপান্তৰ ঘটিছে। এনে পৰিৱেশৰ মাজত সদৌ অসম ছাত্র সন্থাক সার্বজনীন প্রতিনিধিত্বৰে জাতীয় সংগঠন ৰূপে গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক কৰি ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান। ইয়াৰ বাবে সংগঠনটোৰ গাঁথনি আৰু কাৰ্যসূচীৰ পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়োজন হ'ব পাৰে নেকি সেই বিষয়টো এই মুহূর্তত চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে। সময়ে আৰু কামে সদৌ অসম ছাত্র সন্থাক জাতীয় অনুষ্ঠানত পৰিণত কৰিছিল; এতিয়া চৰিত্ৰ আৰু কাৰ্যসূচীয়ে ইয়াৰ ভৱিষ্যৎ নির্ণয় কৰিব।