ব্ৰেজা গাড়ীৰ দাবীত নহয়, কইনা পক্ষই পণবন্দী কৰাৰ বাবেহে ভাঙিছিল বিয়া; আৰক্ষী কনিষ্টবল দৰাই জনালে নিজৰ পক্ষ

Rashmi November 23, 2026

ডিজিটেল ডেস্ক: হাৰিয়ানাৰ সোনিপতত বিয়াৰ দিনা যৌতুকৰ দাবী পূৰণ নোহোৱাত দৰা উভতি যোৱা ঘটনাই এতিয়া লৈছে নতুন পাক। কইনাৰ পিতৃয়ে দিল্লী আৰক্ষীত কনিষ্টবল হিচাপে কৰ্মৰত দৰা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ব্ৰেজা গাড়ী আৰু সোণৰ গহনা বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এতিয়া দৰাই যৌতুক বিচৰাৰ সকলো অভিযোগ ভিত্তিহীন বুলি অভিহিত কৰিছে।

দৰাই সকলো অভিযোগ খণ্ডন কৰি কয় যে তেওঁ কোনো গাড়ীও বিচৰা নাছিল আৰু বিয়া কৰাবলৈ অমান্তিও হোৱা নাছিল। তেওঁৰ মতে, দুয়োপক্ষৰ মাজত ৰাস্তাকলৈ সাধাৰণ বাক-বিতণ্ডা হৈছিল আৰু তাৰ পাছতেই পৰিস্থিতি বেয়াৰ ফালে ঢাল খায়। তেওঁ কইনা পক্ষৰ হৰিশ নামৰ এজন যুৱক আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে সমগ্ৰ বিষয়টোত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

দৰাৰ অভিযোগ অনুসৰি, বিবাহ অনুষ্ঠানৰ সময়ত কইনা পক্ষৰ লোকে তেওঁলোকক বিবাহ ভৱনত পণবন্দী কৰি ৰাখিছিল আৰু গেটখন ভিতৰৰ পৰা তলা লগাই দিছিল। ইয়াৰ পাছত তেওঁ ডায়েল ১১২ নম্বৰত ফোন কৰি আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰে। তেওঁ দাবী কৰে যে এই সময়ছোৱাত প্ৰায় ৩৫ মিনিটৰ ভিতৰত সামগ্ৰী ঘূৰাই দিয়াৰ লগতে ১৫ৰ পৰা ২০ লাখ টকা দিয়াৰো দাবী জনাইছিল কইনা পক্ষই। দৰাই কয় যে কইনা পক্ষই নিজ ইচ্ছাৰে দিয়া সকলো সামগ্ৰী ঘূৰাই লৈ যাব পাৰে, ইয়াত তেওঁৰ কোনো আপত্তি নাই।

যৌতুক বিচৰাৰ অভিযোগ নাকচ কৰি দৰাই কয় যে তেওঁ সেইদিনাও বিয়া কৰাবলৈ সাজু আছিল আৰু আজিও বিয়া কৰাবলৈ সাজু আছে। তেওঁৰ মতে, বিয়া ভাঙি যোৱাৰ কাৰণ যৌতুকৰ দাবী নহয়, বৰঞ্চ দুয়োপক্ষৰ মাজত হোৱা বিবাদহে আছিল। বৰ্তমান এই বিষয়টোক লৈ দুয়োপক্ষই ইজনে সিজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আছে। কইনা পক্ষই যৌতুকৰ দাবীৰে দৰা যাত্ৰী উভতি যোৱা বুলি কৈছিল আৰু দৰা পক্ষই এই অভিযোগসমূহ মিছা বুলি দাবী কৰিছে। সোনিপত ছেক্টৰ-২৭ থানাৰ আৰক্ষীয়ে ঘটনাটোৰ গভীৰভাৱে তদন্ত চলাই আছে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This