দাৰ্জিলিঙৰ চাহ এতিয়া আই চি ইউত থকা ৰোগী..

Jyoti Borah August 18, 2023

ডিজিটেল ডেস্কঃ  ভাৰতীয় চাহ ৰপ্তানিকাৰী সংস্থাৰ [আই টি ই এ] সভাপতি অংশুমান কানোৰিয়াই আজি কয় যে দাৰ্জিলিঙৰ চাহ উদ্যোগ এতিয়া ‘আই চি ইউত থকা ৰোগী’ আৰু একপ্ৰকাৰ মৃত্যু-শয্যাত৷তেওঁ কয় যে দাৰ্জিলিঙৰ চাহ উদ্যোগ জীয়াই থাকিবলৈ হ’লে ৰেহাইৰ ৰূপত কিছুমান চৰকাৰী সমৰ্থনৰ প্ৰয়োজন৷ তেনেকুৱা সমৰ্থন পালেহে নেপালৰ চাহে অনা ভাবুকি দূৰ কৰিব পৰা হ’ব৷ ইয়াত বেংগল চেম্বাৰ অব্‌ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিয়ে [বি চি চি আই] আয়োজন কৰা এখন সভাত ভাষণ দি কানোৰিয়াই কয়,‘দাৰ্জিলিঙৰ চাহ আমাৰ বাবে এটা আৱেগ৷ আমাৰ তেজত এই চাহ বয়৷ এতিয়া দাৰ্জিলিঙৰ চাহ উদ্যোগ আই চি ইউত থকা ৰোগী আৰু একপ্ৰকাৰ মৃত্যু-শয্যাত থকাৰ নিচিনা৷’ তেওঁ কয় যে ২০১৭ চনত ৰাজনৈতিক আন্দোলনৰ কাৰণে বাগিচাবোৰ বন্ধ হৈ যোৱা আৰু তাৰ পাছত ঘোষণা কৰা তলাবন্ধৰ কাৰণে সামগ্ৰিকভাৱে উদ্যোগটোৰ বৃহৎ বিত্তীয় লোকচান হ’ল৷ ভালেমান বিদেশী ক্ৰেতাক ঘূৰাই পঠিওৱা হ’ল আৰু ৰপ্তানি বজাৰৰ এটা অংশ দখল কৰিবলৈ চুবুৰীয়া দেশ শ্ৰীলংকাক সুযোগ দিয়া হ’ল৷ তেওঁ কয় যে নেপালৰ ভাবুকি গুৰুতৰ হৈ পৰিছে, কাৰণ ভাৰতৰ চাহৰ বজাৰত নেপালৰ চাহে গোপনে প্ৰৱেশ কৰিছে৷ দাৰ্জিলিং চাহৰ উৎপাদন বছৰি ৬.৫মিলিয়ন কিল’গ্ৰামলৈ কমিছে৷ আনহাতে, নেপালৰ চাহৰ উৎপাদন ৬ মিলিয়ন কিল’গ্ৰামলৈ বাঢ়িছে৷ দাৰ্জিলিঙৰ চাহ বাগিচাসমূহে প্ৰতি কিল’গ্ৰাম চাহত ২০০ টকা লোকচান ভৰি আছে আৰু প্ৰতিখন বাগিচাৰ কেইবা কোটি টকা লোকচান হৈছে৷

Share This