মঙলদৈত চাঞ্চল্য! দোকানৰ পইচা চুৰি কৰাৰ সন্দেহত ৫ বছৰীয়া শিশুক অকথ্য নিৰ্যাতন

Nikimoni Kachari June 26, 2026

ডিজিটেল ডেস্ক : মঙলদৈত ম'ৰেল পুলিচৰ ঘটনা। ৫ বছৰীয়া শিশুক অকথ্য নিৰ্যাতন। প্ৰায় তিনি ঘণ্টা তামোল গছত বান্ধি নিৰ্যাতন কৰে এটি পৰিয়ালে। মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক। শিশুটিয়ে ঘৰৰ ওচৰৰে দোকানৰ পৰা চিপছ্ কিনিবলৈ গৈ পইচা চুৰি কৰা বুলি সন্দেহত তামোল গছত বান্ধি নিৰ্যাতন চলায়। এই ঘটনা মঙলদৈ থানাৰ অন্তৰ্গত গেৰিমাৰীত।

স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি মাতৃক খবৰ দিয়াত মাতৃ আৰু আইতাক গৈ শিশুটিক বান্ধি থোৱাৰ পৰা গাঁঠি খুলিব খোজে যদিও দোকানখনৰ মালিকে গাঁঠি খুলিব নিদিয়ে। অৱশেষত শিশুটিৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত গৈ শিশুটি উদ্ধাৰ কৰে।

শিশুটিৰ পৰিয়ালে ইতিমধ্যে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰে আৰু ঘটনাৰ লগত জড়িত থকা দোকানৰ মালিক গৌৰী দাস আৰু নাবালক পুত্ৰক থানালৈ লৈ আনে। পৰৱৰ্তী সময়ত আইনে এই ম'ৰেল পুলিচৰ ঘটনাৰ লগত জড়িত লোকসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

উল্লেখযোগ্য যে শিশুটিৰ বুকুত, ডিঙিত আৰু ভৰিত বেয়াকৈ আঘাত কৰে বুলি মন্তব্য কৰে মাতৃয়ে। মঙলদৈ আৰক্ষীয়ে শিশুটিৰ চিকিৎসাৰ ব্যৱস্থাও কৰে।

 

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This