ডিজিটেল ডেস্ক : সুৰক্ষাৰ দিশত এক নতুন মাত্রা সংযোজনেৰে গুৱাহাটীস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত মোতায়েন কৰা হ'ল গগনচুম্বী অগ্নি নির্বাপক বাহন। আনহাতে, যিকোনো জৰুৰী পৰিস্থিতিতে ব্যৱহাৰ কৰাৰ বাবে বিমান বন্দৰটোলৈ প্ৰথমবাৰৰ বাবে অনা হৈছে উদ্ধাৰকাৰী নাও। এই কথা প্রকাশ কৰি কালি বিমান বন্দৰ কৰ্তৃপক্ষই কয় যে অগ্নি নির্বাপক বাহন আৰু সঁজুলি প্ৰস্তুত কৰা বিশ্ববিখ্যাত ৰ' জেনবাৱাৰ কোম্পানীয়ে প্ৰস্তুত কৰা এই সামগ্ৰী অহাৰ লগে লগেই আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিলে বিমান বন্দৰটোৱে।
বিমান এখনৰ ওখ অংশলৈকে জুমি চাব পৰা তথা প্ৰসাৰিত কৰিব পৰাকৈ ঘূর্ণীয়মান যন্ত্র সংযোগী এই বাহনখন অগ্নি নির্বাপক বাহিনীৰ কৰ্মীসকলক জৰুৰীকালীন পৰিস্থিতিত অতি খৰতকীয়াকৈ গুৰুত্বপূৰ্ণ স্থানসমূহলৈ কঢ়িয়াই নিবলৈ সক্ষম। জটিল বিমান দুর্ঘটনাৰ সময়ত তাৎক্ষণিক উদ্ধাৰ অভিযান সম্পন্ন হোৱাকৈ প্রস্তুত কৰা হৈছে এই বাহন। আনহাতে, বিমান বন্দৰটোত উদ্ধাৰকাৰী নাও অন্তর্ভুক্ত কৰাৰ ফলত বিমান বন্দৰৰ জৰুৰীকালীন প্ৰস্তুতিৰ পৰিকাঠামো অধিক শক্তিশালী হৈ পৰিছে।
উদ্ধাৰকাৰী নাৱৰ অন্তর্ভুক্তিকৰণে বিমানকোঠৰ এলেকাৰ ভিতৰৰ আৰু ইয়াৰ আশে-পাশে থকা জলাশয়সমূহতো প্রয়োজন হ'ল উদ্ধাৰ অভিযান চলাব পৰা যাব। এনেধৰণৰ অত্যাধুনিক সামগ্ৰীৰে সমৃদ্ধ হোৱাৰ বাবে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰে দেশৰ ভিতৰতে নাম উজলাবলৈ সক্ষম হৈছে বুলিও বিমান বন্দৰ কৰ্তৃপক্ষই প্রকাশ কৰিছে।