গৌৰীপুৰত নিষিদ্ধ গো-মাংসৰ চোৰাং ব্যৱসায়; ৫জন আটক, ৬৬ কেজি মাংস জব্দ

Nikimoni Kachari June 26, 2026

ডিজিটেল ডেস্ক: ৰাজ্যত গো-মাংসৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো একাংশ অসাধু চক্ৰই এতিয়াও গোপনে চলাই গৈছে গো-হত্যা আৰু ইয়াৰ চোৰাং ব্যৱসায়। তেনে এক গোপন তথ্যৰ ভিত্তিত আজি পুৱাই গৌৰীপুৰ আৰক্ষীয়ে এক সফল অভিযান চলাই ৫জনকৈ লোকক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, গৌৰীপুৰৰ চাৰালডাঙাত এটা চক্ৰই দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকু ধূলি দি গোপনে গো-হত্যা কৰি মাংসৰ অবৈধ ব্যৱসায় চলাই আহিছিল। আজি পুৱা গৌৰীপুৰ আৰক্ষীৰ এটা দলে চাৰালডাঙাৰ নিৱাসী ৰমজান আলীৰ বাসগৃহত এক আকস্মিক অভিযান চলায়।

এই গোপন অভিযান কালত আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত ৫জন লোকক আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে:
ৰমজান আলী, মেহেদী হাচান, মেহেবুব হুছেইন, আতিকুল আলম আৰু চাহিদ আলম।

অভিযানৰ সময়ত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা প্ৰায় ৬৬ কেজি নিষিদ্ধ গো-মাংস জব্দ কৰাৰ লগতে গো-হত্যাৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন চোকা অস্ত্ৰ, প্লাষ্টিকৰ বাল্টি আৰু পলিথিন বেগ উদ্ধাৰ কৰে।

বৰ্তমান গৌৰীপুৰ আৰক্ষীয়ে পাঁচোটা অভিযুক্তকে আটক কৰি থানালৈ লৈ গৈছে আৰু এই অবৈধ চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This