ডিজিটেল ডেস্ক: সদৌ অসম সাংবাদিক সন্থাৰ (আজু) যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিয়ে প্ৰতি বছৰেই আগবঢ়াই অহা ‘দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ’-২০২৬ বৰ্ষৰ বাবে কামৰূপ জিলাৰ বংশৰৰ কিশোৰ গোস্বামীক নিৰ্বাচিত কৰা হৈছে। আজি এক বিবৃতিযোগে এই কথা সদৰী কৰিছে 'আজু'ৰ যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওজা আৰু সাংবাদিক কল্যাণ নিধিৰ সম্পাদক নৱজ্যোতি বৰুৱাই।
এক বিবৃতিত সভাপতি-সম্পাদকদ্বয়ে কয় যে দুয়োটা অনুষ্ঠানৰ উদ্যোগত ২০২৩ বৰ্ষৰ পৰা প্ৰয়াত দেৱকুমাৰ বৰাৰ সোঁৱৰণত পৰিয়ালবৰ্গৰ সহযোগত ৰাজ্যখনৰ ছপা, বৈদ্যুতিন অথবা মুক্ত সাংবাদিকক যিকোনো বিষয়বস্তুৰ ওপৰত গবেষণা, অধ্যয়নৰ বাবে এই মিডিয়া ফেল'শ্বিপ প্ৰদান কৰি অহা হৈছে। চলিত বৰ্ষত আহ্বায়ক সমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আবেদনসমূহৰ মাজৰ পৰা দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক কিশোৰ গোস্বামীৰ বিষয়বস্তুক যোগ্য বিৱেচনা কৰি এই ফেল'শ্বিপৰ বাবে নিৰ্বাচিত কৰা হয়।
তেওঁৰ অধ্যয়নৰ বিষয়বস্তু হৈছে : "অসমৰ বানাই ভাষাৰ সংকটাপন্ন মৌখিক সাহিত্যৰ জৰুৰীকালীন ডিজিটেল আৰ্কাইভঃ এক অংশগ্ৰহণমূলক পাইলট প্ৰকল্প।" উল্লেখ্য যে উক্ত বিষয়ত অধ্যয়ন কৰিবলৈ ফেল'শ্বিপ প্ৰাপকলৈ নগদ ২০ হাজাৰ টকা আগবঢ়োৱা হ'ব। ছমাহৰ ভিতৰত তেওঁ অধ্যয়নৰ প্ৰতিবেদন জমা দিব আৰু অহা ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা আজু আৰু সাংবাদিক কল্যাণ নিধিৰ যোৰহাটত অনুষ্ঠিত বার্ষিক সভাত আনুষ্ঠানিকভাৱে তেওঁক এই সন্মানীয় ফেল'শ্বিপ প্ৰদান কৰা হব।
উল্লেখ্য যে ১৯৮১ চনত জন্মগ্ৰহণ কৰা কিশোৰ গোস্বামীয়ে কটন বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিপ্ল'মা গ্ৰহণ কৰি ২০০৬-০৭ চনৰ পৰা সুদীৰ্ঘ ২০ বছৰ ধৰি প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈ আছে। চেণ্টিনেল গোষ্ঠীৰ 'আজিৰ অসম' কাকতত উপ-সম্পাদক ৰূপে সাংবাদিকতাৰ ক্ষেত্ৰখনত ভৰি থোৱা গোস্বামীয়ে ২০১১চনৰ পৰা ২০১৯ চনৰ এপ্ৰিল মাহলৈকে 'নিয়মীয়া বাৰ্তা' কাকতত উপ-সম্পাদক ৰূপে কাম কৰে। তেওঁ ২০১৯ চনৰ মে' মাহৰ পৰা দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। কৈশোৰ কালৰ পৰাই লেখা-মেলাৰ সৈতে জড়িত গোস্বামীৰ ভালেসংখ্যক কবিতা, প্ৰৰন্ধ আৰু সৃষ্টিশীল লেখা বিভিন্ন কাকত- আলোচনীত প্ৰকাশ হৈ আহিছে।
২০২২ বৰ্ষত বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী যুৱ সাংবাদিক বঁটাৰে সন্মানিত হোৱা গোস্বামীয়ে হোমেন বৰগোহাঞিৰ মুখ্য সম্পাদনাত প্ৰকাশিত নিয়মীয়া বাৰ্তা কাকতৰ স্বাস্থ্য পৰিপূৰিকা 'স্বাস্থ্য বাৰ্তা'ৰ সম্পাদনাও কৰিছিল। তদুপৰি তেওঁ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰদান কৰা ২০২১-২২ বৰ্ষৰ মিডিয়া ফেল'শ্বিপ লাভ কৰিছিল।
উৎস: প্ৰাগ নিউজ ডিজিটেল