ডিজিটেল ডেস্ক : 'ডিজিটেল এৰেষ্ট'ৰ জৰিয়তে চাই বাৰ অপৰাধীয়ে সমগ্ৰ ভাৰতত ৩০০০ কোটি টকা সৰকাইছে। চাইবাৰ অপৰাধীয়ে নিজকে আৰক্ষী, নিৰাপত্তা বাহিনীৰ লোক, আনকি ন্যায়াধীশ বুলিও পৰিচয় দি দেশৰ অধিকাংশ জ্যেষ্ঠ নাগৰিকক প্ৰৱঞ্চনা কৰিছে। সোমবাৰে দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ জৰিয়তে কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু কেন্দ্রীয় তদন্তকাৰী সংস্থাই (চি বি আই) এই কথা উচ্চতম ন্যায়ালয়ক অৱগত কৰে।
জ্যেষ্ঠ নাগৰিককে ধৰি বহু লোকৰ পৰা দেশত ডিজিটেল এৰেষ্টত ৩০০০ কোটি টকাতকৈ অধিক টকা লুণ্ঠন কৰা কথাত আশ্চর্য প্রকাশ কৰি উচ্চতম ন্যায়ালয়ে কয় যে ডিজিটেল এৰেষ্টৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা দৰকাৰ। এই বিষয়ত ন্যায়ালয়ক সহায় কব্বিলৈ বিধি উপদেষ্টা (এমিকাছ ক্যুৰিয়াই) নিয়োগ কৰা ন্যায়াধীশ সূর্যকান্ত, উজ্জ্বল ভূঞা আৰুজয়ামাল্য বাগসীৰ পীঠে ইতিমধ্যে গৃহ মন্ত্ৰ্যালয় আৰু চি বি আয়ে দাখিল কৰা দুখন বন্ধ খামৰ প্রতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰে।
এই বিষয়ৰ পৰৱৰ্তী শুনানি গ্রহণ হ'ব অহা ১০ নৱেম্বৰত। ন্যায়ালয়ে কয় যে বিধি উপদেষ্টাৰ পৰামৰ্শৰ ভিত্তিত ন্যায়ালয়ে নির্দেশ দিব। উল্লেখযোগ্য যে ডিজিটেল এৰেষ্ট হৈছে আৰক্ষী বা তদন্ত সংস্থাৰ নাম লৈ কোনো ব্যক্তিক ফ'ন কৰি তেওঁক বহু সময় ভিডিঅ' কলত আবদ্ধ ৰাখি তথা ধন সৰকোৱা এক চাইবাৰ অপৰাধ।