কেঁচা বুটৰ উপকাৰীতা সম্পৰ্কে আপুনি জানেনে ?

Kakali Deka September 03, 2023

ডিজিটেল ডেস্ক: আমি স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট লাগে। তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। ৰাতিপুৱা খালি পেটত কেঁচা বুট খাই আপুনি আয়ুস বৃদ্ধি কৰি পাৰে। কেঁচা বুটেই নহয়, তিয়াই থোৱা বুটৰ পানীখিনিও আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। বুট তিয়াই থোৱা পানীত মৌ মিহলি কৰি খালে পেট ঠাণ্ডা হৈ থকে লগতে প্ৰস্ৰাৱৰ সকলো সমস্যা দূৰ হয়। তিয়াই থোৱা বুটত আইৰণ, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰ'টিন থাকে, যিবোৰ পুষ্টি প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ হয়। কেঁচা বুট খোৱাৰ উপকাৰীতা সম্পৰ্কে জানো আহক-

ব্যায়াম কৰাৰ আগতে প্ৰ'টিন জাতিয় বস্তু খোৱাটো খুবেই গুৰুত্বপূৰ্ণ। ই পেশীৰ বিকাশ আৰু মেৰামতি কৰাত বহু পৰিমাণে সহায় কৰে। আপুনিও ব্যায়াম কৰাৰ আগতে কেঁচা বুট খাব পাৰে। কেঁচা বুট খালে পেশীবোৰ শক্তিশালী হয়

বুটমাহত আইৰণ থাকে, আইৰণে হিম'গ্লোবিন উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আইৰণে শৰীৰত শক্তিৰ স্তৰ বৃদ্ধি কৰে। কঠোৰ  পৰিশ্ৰম কৰাৰ আগতে কেঁচাবুট খোৱাটো অতি উত্তম।

কেঁচা বুট খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে। কেঁচা বুটত আঁহ আৰু প্ৰ'টিন থকা বাবে ই ডায়েবেটিচ ৰোগৰ আশংকা কম থাকে।

কেঁচাবুট খালে ই শৰীৰত ৰক্ত কোষ উৎপাদনত সহায় কৰে। কেঁচা বুটত থকা ভিটামিন বি কমপ্লেক্সে বিপাকীয় প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। ভিটামিন বি কমপ্লেক্স স্নায়ুতন্ত্ৰ সুস্থ ৰখাত সহায়ক কৰে।

Share This