ডিজিটেল ডেস্ক : ছুইজাৰলেণ্ডৰ ডাভোছত চলি থকা ৱর্ল্ড ইক'নমিক ফ'ৰামৰ সন্মিলনে ভাৰতৰ বাবে কেইবাটাও ইতিবাচক বার্তা কঢ়িয়াই আনিছে। ভাৰতৰ কেইবাখনো ৰাজ্যত বিনিয়োগৰ বাবে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠানে আগ্রহ প্রকাশ কৰিছে। তদুপৰি, ইউৰোপীয়ান ইউনিয়নে ভাৰতৰে মুক্ত বাণিজ্য চুক্তি কৰাৰ বাবে যো-জা কৰিছে। এই সন্দর্ভত ইউৰোপীয়ান ইউনিয়নৰ অধ্যক্ষ উৰছুলা ভন দাৰ লেয়েনে কয় যে ইউনিয়নে ভাৰতৰে এখন মুক্ত বাণিজ্য চুক্তি কৰাৰ অন্তিম পর্যায়ত উপনীত হৈছে। ইফালে, ইনক্সজি এফ এল নামৰ প্রতিষ্ঠানটোৱে ভাৰতৰ কেইবাখনো ৰাজ্যত শক্তি ৰূপান্তৰ খণ্ডত অহা দুবছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।
উত্তৰ প্রদেশ, মধ্য প্রদেশ আৰু কর্ণাটকত প্রধানকৈ এই বিনিয়োগ হ'ব। ডাভোছৰ সন্মিলনত উত্তৰ প্রদেশ চৰকাৰৰে বুজাবুজিব চুক্তিত স্বাক্ষৰ কৰিছে এ এম গ্রুপে। ৰাজ্যখনত কৃত্রিম বুদ্ধিমত্তা (এ আই) বিষয়ক হাব স্থাপনৰ বাবে এ এম গ্রুপে ২৫ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰিব। ইফালে, অন্ধ্র প্রদেশ চৰকাৰ আৰু আৰ এম জি গ্রুপে স্বাক্ষৰ কৰা চুক্তি অনুসৰি প্রতিষ্ঠানটোৱে ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰিব।
মুম্বাই মহানগৰ এলেকা উন্নয়ন প্রাধিকৰণে (এম এম আৰ ডি এ) ফ'ৰামৰ সন্মিলনত মুম্বাইত ৯৬ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগৰ ১০খন বুজাবুজিৰ চুক্তিত চহী কৰে। উল্লেখযোগ্য যে ২১ জানুৱাৰীত ইক'নমিক ফ'ৰামৰ বৈঠকত মার্কিন বাষ্ট্রপতি ড'নাল্ড ট্রাম্পে ভাষণ দিব।