ডিজিটেল ডেস্ক : ভাৰতত অতি দৰিদ্ৰতাৰ হাৰ হ্রাস পাইছে। বিশ্ব বেংকৰ এখন প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে। প্রতিবেদনখনত উল্লেখ কৰা মতে ২০১১-১২ বৰ্ষত ভাৰতত অতি দৰিদ্ৰতাৰ হাৰ আছিল ২৭.১%। ২০২২-২৩ বর্ষত এই হাৰ ৫.৩%লৈ হ্রাস পাইছে। উল্লেখযোগ্য যে বিশ্ব বেংকে দাৰিদ্র্য সীমাৰেখা প্রতিদিনে ২.৫ ডলাৰৰ পৰা ৩ ডলাৰলৈ বৃদ্ধি কৰে। আনকথাত প্রতিদিনে ২৫৭.৪০ টকা বা তাতকৈ কম আয় কৰা লোকসকলক দৰিদ্ৰ বুলি ধৰা হয়।
বিশ্ব বেংকে প্রকাশ কৰা তথ্য মতে ভাৰতত অতি দৰিদ্ৰ লোকৰ সংখ্যা ৩৪.৪৪৭ কোটিৰ পৰা ৭.৫২৪ কোটিলৈ হ্রাস পায়। বিশ্ব বেংকৰ মতে, ২০১৭ চনৰ মূল্যৰ ভিত্তিত প্রতি দিনে ২.৫ ডলাৰ ব্যয় কৰাক দাৰিদ্র্য সীমাৰেখা হিচাপে ধৰিলে ভাৰতত অতি দৰিদ্ৰ লোকৰ হাৰ ২.৩%লৈ হ্রাস পায়, যিটো ২০১১-১২ বৰ্ষৰ ১৬.২%তকৈ যথেষ্ট কম। প্রতিদিনে ২.৫ ডলাৰ ব্যয়ক দৰিদ্ৰতাৰ সীমা হিচাপে ধৰিলে ভাৰতত ২০১১ বর্ষত ২০.৫৯৩ কোটিৰ পৰা ২০২২ চনত ৩.৩৬৬ কোটিলৈ হ্রাস পায়। উল্লেখযোগ্য যে বিশ্ব বেংকে ২০২১ চনৰ মূল্যৰ ভিত্তিত বিশ্বৰ মুদ্রাস্ফীতিৰ হাৰ এডজাষ্ট কৰি অত্যধিক দাৰিদ্ৰ্যৰ সীমা ৰেখা সংশোধন কৰাৰ পাছতো ভাৰতত চমকপদভাৱে দৰিদ্ৰতা নিমূল হৈছে।
বিশ্ব বেংকে কৰা অনুমান মতে অৱশ্যে ২০২২-২৩ বর্ষত প্রতি দিনে ২.৫ ডলাৰ আয়ক দৰিদ্ৰতাৰ সীমা হিচাপে ধৰিলে অত্যাধিক দৰিদ্ৰতাৰ হাৰ ২.৩% হয়গৈ, কিন্তু তিনি ডলাৰত সীমা হিচাপে ধৰিলে ভাৰতত দৰিদ্ৰতাৰ হাৰ ৫.৩%লৈ বৃদ্ধি পায়। বিশ্ব বেংকে বর্ল্ড ডেভেলপমেন্ট ইন্ডিকেটছ, ঘৰুৱা উপভোক্তা ব্যয় সমীক্ষাৰ তথ্য বৱহাৰ কৰি কৰা অনুমান মতে, ২০২৩ চনত ভাৰতৰ মুঠ জনসংখ্যা আছিল ১৪৩.৮০৭ কোটি।