কেঁচা চাহপাতৰ দাম অস্বাভাৱিক হ্ৰাস

Jyoti Borah September 09, 2023

ডিজিটেল ডেস্কঃ সেউজীয়া সোণ বুলি জনাজাত কেঁচা চাহপাতৰ অস্বাভাৱিক মূল্য হ্ৰাসে তিনিচুকীয়া জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনিছে৷ উৎপাদনৰ নামত শ্ৰমিকৰ মজুৰি, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, পৰিবহণ ব্যয় আদি সকলো ফালে বৃদ্ধি হোৱাত উৎপাদন ব্যয় যথেষ্ট বৃদ্ধি পাইছে৷ সম্প্ৰতি উৎপাদন ব্যয়তকৈ কম মূল্যত কেঁচা পাত বটলিফ ফেক্টৰীসমূহত বিক্ৰী কৰিবলগীয়া হোৱাত তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল চৰম বিপৰ্যয়ৰ সন্মুখীন হ’ব লগাত পৰিছে৷ তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ভুগি থকা এই সমস্যাটোৰ পৰা পৰিত্ৰাণ বিচাৰিয়েই আজি প্ৰখৰ ৰ’দত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া 

জিলা সমিতিৰ উদ্যোগত ডুমডুমাত এক গণ গৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে৷ পাত ছিঙা বন্ধ কৰি এই কাৰ্যসূচীত যোগদান কৰিবলৈ জিলাখনৰ তালাপ, কৰ্দৈগুৰি, ছৈখোৱাৰ পৰাও বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়ক ৰাইজ উপস্থিত হয়৷ উল্লেখ্য যে এসময়ত উগ্ৰপন্থীৰ বিচৰণ ভূমি জিলা হিচাপে বিবেচিত তিনিচুকীয়া জিলাত বহু যুৱক সেই উগ্ৰপন্থা ত্যাগ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক হৈ জিলাখনৰ পৰিেৱশ কিছু সুস্থিৰ কৰি তুলিছিল৷ কিন্তু কেঁচা পাতৰ মূল্য হ্ৰাসে সেই মূল সঁুতিলৈ অহা চাহ খেতিয়কসকলকো হতাশ কৰি তুলিছে৷ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে আহ৩ান জনোৱা আজিৰ এই পাত ছিঙা বন্ধ কাৰ্যসূচী তালাপ, কৰ্দৈগুৰি, ছৈখোৱা অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও পূৰ্ণ সমৰ্থন কৰাত তালাপ, কৰ্দৈগুৰি, ছৈখোৱা অঞ্চলৰ ক্ষুদ্ৰ চাহ বাগিচাসমূহতো কাম স্তব্ধ হৈ পৰে৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলে অভিযোগ কৰা অনুসৰি তিনিচুকীয়া জিলাখনৰ কাষৰীয়া ৰাজ্য অৰুণাচলৰ পৰা গুণাগুণবিহীন কেঁচা পাত হোৰাহোৰে অহাৰ বাবেই তিনিচুকীয়া জিলাখনত কেঁচা চাহ পাতৰ দাম নিম্নগামী হৈছে৷ তাৰে সুযোগতে বটলিফ ফেক্টৰীৰ মালিকসকলে মেড টীৰ নিলাম বজাৰতো চাহৰ মূল্য নিম্নগামী হৈছে বুলি অভিযোগ তুলি কেঁচা চাহ পাতৰ দাম হ্ৰাস কৰি আহিছে৷ তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক ৰাইজে অৰুণাচলৰ গুণাগুণবিহীন পাত অহাৰ ক্ষেত্ৰত চৰকাৰক প্ৰতিবন্ধকতা লগোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে তিনিচুকীয়া জিলাখনৰ পাঁচ জন জনপ্ৰতিনিধিক তিনিচুকীয়া জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ ক্ষেত্ৰত খৰতকীয়া পদক্ষেপ ল’বলৈ দাবী জনাইছে৷

 উল্লেখযোগ্য যে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহা এই থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক বাৰম্বাৰ আৱেদন জনোৱাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কে চৰকাৰৰ বিৰুদ্ধে বজ্ৰকণ্ঠৰে দাবী জনাই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মহম্মদ আমিন আৰু সম্পাদক অজিত গগৈ স্বাক্ষৰিত ৬ দফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰ অসম চৰকাৰৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে৷ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মহম্মদ আমিন আৰু সম্পাদক অজিত গগৈয়ে কয় যে দেশৰ ভিতৰতে তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে অধিক চাহ উৎপাদন কৰি নিবনুৱা সংস্থাপন আৰু দেশ তথা ৰাজ্যৰ ৰাজভঁৰাল টনকিয়াল কৰি আহিছে৷ কিন্তু ৰাজ্যৰ অন্য জিলাহে নালাগে ডিব্ৰুগড় জিলাৰ খেতিয়কে লাভ কৰা দামতকৈ তিনিচুকীয়া জিলাৰ চাহ খেতিয়কে দশক দশক ধৰি কম মূল্য পাই আহিছে৷ এই সমস্যাৰ মূল আৰু একমাত্ৰ কাৰণ চাহিদাতকৈ কেঁচা চাহপাতৰ যোগান অতিৰিক্ত হোৱাৰ বাবে মূল্য নিম্নগামী হৈছে৷ অতিৰিক্ত কেঁচা চাহপাতসমূহ তিনিচুকীয়া জিলাৰ দাঁতি-কাষৰীয়া অৰুণাচল প্ৰদেশৰ পৰা অবাধ হাৰত নিম্নমানৰ পাত আহি তিনিচুকীয়াৰ কলঘৰসমূহ ভৰি পৰে আৰু ইয়াৰ পূৰ্ণ সুযোগ ফেক্টৰীৰ মালিকপক্ষই লোৱাৰ লগতে টী ব’ৰ্ডৰ নীতি-নিয়ম উলংঘা কৰি স্থানীয় খেতিয়কক টেঁটু চেপা দিয়া নীতি অৱলম্বন কৰি আহিছে৷ ইয়াৰ উপৰি তেওঁলোকে কয় যে ফেক্টৰীৰ মালিকসকলে অসমৰ কেঁচাপাতৰ ওপৰত নিৰ্ভৰ কৰি কলঘৰৰ অনুজ্ঞা-পত্ৰ লৈ, অসমৰ ৰাজভঁৰালৰ ঋণ লৈ, অসমৰ মাটিত কলঘৰ পাতি, অসমৰ খেতিয়কক হাতে নেমাৰি ভাতে মাৰি মাথোঁ অৰুণাচল প্ৰদেশৰ লীজত লোৱা বাগিচাৰ পাতেৰে অসমত কলঘৰ চলোৱা নীতি বন্ধ কৰাৰ একমাত্ৰ পথেই হ’ল আইনগতভাৱে বহিঃৰাজ্যৰ পাত তিনিচুকীয়া জিলা তথা অসমত প্ৰৱেশ নিষিদ্ধ কৰা৷ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, তিনিচুকীয়া জিলা সমিতিৰ দাবীসমূহ অতিশীঘ্ৰে পূৰ্ণ কৰি তিনিচুকীয়া জিলাত ক্ষুদ্ৰ চাহ খেতিয়কক স্বাভিমান আৰু মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ দিবৰ বাবে দাবী জনায়৷ এই গণ গৰ্জন কাৰ্যসূচীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজেশ কুমাৰ দত্ত, উপদেষ্টা অশ্বিনী বৰুৱাসহ বহুকেইগৰাকী বিষয়ববীয়া আৰু ডিব্ৰুগড় জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে৷

Share This