ডিজিটেল ডেস্ক : চীনৰ পৰা বাংলাদেশ অভিমুখী এখন জাহাজ ইণ্ডোনেছিয়াৰ নৌসেনাই বেলাৱনৰ সামুদ্রিক অঞ্চলত জব্দ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই জাহাজখনৰ পৰা ৰহস্যজনকভাৱে ৰকেট আৰু ক্ষেপণাস্ত্ৰত প্রপেলেণ্ট ৰূপে ব্যৱহাৰ কৰা বৃহৎ পৰিমাণৰ ৰাসায়নিকৰ লগতে পঞ্জীয়ন নকৰা কেইবালাখ ছিমকার্ড জব্দ কৰা হৈছে।
ইণ্ডোনেছিয়াৰ নৌ সেনাৰ এজন কমাণ্ডাৰে প্ৰকাশ কৰা মতে, জাহাজখনৰ পৰা ক্ষেপণাস্ত্ৰ আৰু ৰকেট নিৰ্মাণত ব্যৱহাৰ কৰা ৪০৫ টন ছডিয়াম পাৰক্লৰেট জব্দ কৰা হৈছে। এই শক্তিশালী অক্সিডাইজিং কেমিকেল ঔদ্যোগিক কামত ব্যৱহাৰ কৰাৰ লগতে ৰকেট-ক্ষেপণাস্ত্র ইন্ধন আৰু একাংশ বিস্ফোৰক নিৰ্মাণত ব্যৱহাৰ কৰা হয়। এম ভি ষ্টাৰ লাইন নামৰ জাহাজখনত কম'ৰছৰ পতাকা আছিল। ইণ্ডোনেছিয়াৰ নৌ সেনাই এই জাহাজখন জব্দ কৰে যোৱা ৭ নৱেম্বৰত। জাহাজখন চীনৰ লিয়ানয়ুংগাং বন্দৰৰ পৰা বাংলাদেশৰ মংগলা বন্দৰলৈ আহি আছিল। ইণ্ডোনেছিয়াৰ নৌ সেনাৰ আঞ্চলিক কমাণ্ড-১ৰ কমাণ্ডাৰ ৰিয়েৰ এডমিৰেল ডেনী ছেপ্টিয়ানাই যোৱা ২০ ছেপ্টেম্বৰত এই বিষয়ে প্রকাশ কৰে। বাতৰিত প্রকাশ পোৱা মতে, জাহাজখনে ইন্ধন ভৰোৱাৰ বাবে বেলাৱান জলৰাশিত ৰৈছিল। তেতিয়াই ইণ্ডোনেছিয়াৰ নৌসেনাৰ লোকে জাহাজখনৰ সন্দেহজনক গতিবিধিৰ বিষয়ে জানিব পাৰে। ইয়াৰ পাছত নৌ সেনাৰ টহলদাৰী জাহাজ কে আৰ আই ছিগালু-৮৫৭-এ দেখা পায় যে জাহাজখনে নিজৰ নিৰ্ধাৰত জল পথ এৰি আন পথেৰে গতি কৰিছে। ইয়াৰ পাছত নৌ সেনাক জাহাজখনে উক্ত জাহাজখনৰ সৈতে যোগাযোগ কৰে আৰু ইয়াৰ পৰীক্ষা কৰে। তেতিয়া জাহাজত থকা সামগ্ৰী আৰু জাহাজৰ চালক দলৰ হাতত থকা নথি-পত্ৰত ব্যাপক খেলি-মেলি থকা দেখা পায়। ইণ্ডোনেছিয়াৰ নৌ সেনাৰ মতে, জাহাজখনন মুঠ ৩৬টা কণ্টেইনাৰ আছিল। ইয়াৰে ১৫টাত ৪০৫ টন ছডিয়াম পাৰক্ল'ৰেট আছিল। ৰিয়েল এডমিৰিলে ছেপ্টিয়ানাৰ প্ৰকাশ কৰা মতে, জব্দ কৰা ৰাসায়নিক পদার্থখিনিৰে ১০০টা ক্ষেপণাস্ত্ৰৰ প্ৰপেলেণ্ট তৈয়াৰ কৰিব পাৰি। ইয়াৰ লগতে জাহাজখনত ৫৪টা পেলেট পোৱা হয় আৰু ইয়াত কেইবালাখ পঞ্জীয়ন নোহোৱা ৪ জি এল টি ই ছিম পোৱা গৈছে। এই জাহাজখন ৮ নৱেম্বৰত বাংলাদেশৰ মোংগলা বন্দৰত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু জাহাজখনে ইণ্ডোনেছিয়াৰ জলৰাশিত প্ৰৱেশ কৰে আৰু তাৰ পাছত দেশখনৰ নৌ সেনাই ইয়াক জব্দ কৰে। সেয়েহে এই জাহাজখনৰ সামগ্ৰীখিনি প্রকৃততে কোনে আমদানি কৰিছিল সেইটো জানিব পৰা হোৱা নাই। নৌ সেনাই কৰা পৰীক্ষা তথা তদন্তত জাহাজখনৰ পঞ্জীয়নৰ সৈতে জড়িত নথি-পত্রতো খেলি-মেলি পোৱা গৈছে। আই এম অ' নম্বৰত খেলি-মেলি পোৱাৰ লগতে পঞ্জীয়নৰ বৈধতাক লৈও প্রশ্ন উত্থাপিত হৈছে। ইয়াৰ কাৰণ হ'ল জাহাজখনৰ পঞ্জীয়ন অহা বছৰ ৮ অক্টোবৰলৈকে বৈধ বুলি দেখুওৱা হৈছে যদিও প্রকৃততে ইয়াৰ পঞ্জীয়ন নিলম্বন কৰি ৰখা হৈছে। সেয়েহে জাহাজখনৰ নথি-পত্র জাল বুলি সন্দেহ কৰা হৈছে।
উল্লেখযোগ্য যে বাংলাদেশত গোলা-বাৰুদ আৰু সৰু অস্ত্ৰ নিৰ্মাণ কৰা কাৰখানা আছে, কিন্তু ৰকেট আৰু ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব পৰা আন্তঃগাঁথনি দেশখনত নাই। এনে অৱস্থাত জাহাজখনৰ পৰা জব্দ কৰা ৰাসায়নিক পদাথখিনিক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ইণ্ডোনেছিয়াৰ নৌ সেনাই এতিয়া জাহাজখনৰ মালিক, ইয়াত সামগ্ৰী প্ৰেৰণ কৰা কোম্পানী আৰু সামগ্ৰীখিনি বাংলাদেশৰ কোনে ক্রয় কৰিছিল সেয়া তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে চীনে জুনত বাংলাদেশৰ মংগলা বন্দৰৰ কাষত ১১০ একৰ ভূমিত এক অর্থনৈতিক মণ্ডল স্থাপন কৰাৰ বাবে চুক্তি কৰিছিল। ইয়াৰ লগতে এই বন্দৰটোৰ সম্প্ৰসাৰণ তথা আধুনিকীকৰণৰ বাবে চীনে বাংলাদেশক প্রায় ৩৩.৬ কোটি ডলাৰৰ ঋণো দিয়ে। এনে অৱস্থাত এই সামগ্ৰিখিনিৰ প্ৰকৃত ক্রেতা কোন তাক লৈ গভীৰ প্ৰশ্নৰ লগতে সন্দেৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ছডিয়াম পাৰক্ল 'ৰেট নিজে বিস্ফোৰক বা ইন্ধন নহয়। ই এক শক্তিশালী অক্সিডাইজিং ৰাসায়নিক পদার্থ, যি দহন প্রক্রিয়া ক্ষিপ্র তথা বৃদ্ধি কৰে।