ডিজিটেল ডেস্ক : জেন জিৰ প্ৰতিবাদৰ ওচৰত সেও মানি তদানীন্তন প্রধানমন্ত্রী কে পি শর্মা অলিৰ চৰকাৰ ক্ষমতাচ্যুত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে নেপালত সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। দেশখনত এইবাৰৰ নিৰ্বাচনত ইতিমধ্যে প্রতিষ্ঠিত ৰাজনৈতিক নেতাসকল আৰু জেন জিৰ বিক্ষোভৰ সময়ত আত্মপ্রকাশ কৰা ৰাজনৈতিক নেতাসকলৰ মাজত পোনপটীয়া প্রতিদ্বন্দ্বিতা হৈছে। দেশখনত দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজতে কালি সুচাৰুৰূপে নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়া সমাপ্ত হয়। নেপালত ভোটদানৰ হাৰ ৬০ শতাংশতকৈ অধিক হৈছে বুলি দেশখনৰ নির্বাচন আয়োগে প্রকাশ কৰিছে।
২৪ ঘণ্টাৰ ভিতৰত নেপালৰ নিৰ্বাচনৰ ফল ঘোষণা কৰা হ'ব বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে। জেন জিৰ প্ৰতিবাদৰ পাছত নেপালত প্রথমজন প্রধানমন্ত্রী তথা চৰকাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ভোট গণনা প্রক্রিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে মার্ক্সবাদী প্রাক্তন প্রধানমন্ত্রী কে পি শৰ্মা অলিয়ে পুনৰ ক্ষমতালৈ অহাৰ পূৰ্ণ প্রচেষ্টা চলাইছে যদিও গায়কৰ পৰা মেয়ৰলৈ পৰিৱৰ্তিত হোৱা বলেন্দ্র শ্বাহে দেশখনৰ যুৱ ভোটাৰক আকৰ্ষণ কৰি ক্ষমতা দখলৰ বাবে যৎপৰোনাস্তি প্রচেষ্টা চলাইছে। হিমালয়ান দেশখনত এখন নতুন চৰকাৰ গঠনৰ বাবে কালি পুবা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্রহণ হয়। হাউছ অব্ ৰিপ্রেজেন্টেটিভৰ ২৭৫গৰাকী সদস্য নির্বাচনৰ বাবে নেপালত কালি পুৱাৰে পৰা বিভিন্ন ভোট কেন্দ্রত ভোটাৰে শাৰী শাৰীকে ভোটাধিকাৰ সাব্যস্ত কৰে।
কাঠমাণ্ডু প'ষ্টৰ বাতৰি অনুসৰি, ৰাজধানী কাঠমাণ্ডুৰ এটা ভোট কেন্দ্রত ভোটগ্রহণৰ মাজতে অপ্রীতিকৰ পৰিস্থিতি হয় আৰু অলপ সময়ৰ বাবে ভোটদান প্রক্রিয়া স্থগিত ৰাখিব লগা হয়। কাঠমাণ্ডু দোলাখাৰ তামাকুশ্বি গ্রাম্য নিগমৰ ৪ নং ৱার্ডৰ মালু ভোটগ্রহণ কেন্দ্ৰটোত প্রার্থীৰ প্ৰতিনিধিৰ আসন ব্যবস্থাপনাক লৈ দলীয় কর্মীয়ে নির্বাচনী বিষয়াক আক্রমণ কৰে। ইয়াৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। অৱশ্যে, সৰ্বদলীয় বৈঠকৰ পাছত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে। ইফালে, নেপালী কংগ্ৰছৰ সভাপতি তথা প্রধানমন্ত্রী পদৰ প্রার্থী গগন থাপাই ভোটাধিকাৰ সাব্যস্ত কৰি দলটোৱে ভাল ফল প্রদর্শন কৰিব বুলি কয়। আনহাতে, দেশখনৰ অন্তৰ্ৱতী প্রধানমন্ত্রী সুশীলা কার্কিয়ে কাঠমাণ্ডুৰ ধাপাছি ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি কয় যে তেওঁৰ কাৰ্য আজি সমাপ্ত হ'ল। এখন নতুন গণতান্ত্রিক চৰকাৰ নেপালবাসীয়ে লাভ কৰিব বুলি কার্কিয়ে মন্তব্য কৰে।