ডিজিটেল ডেস্ক : মণিপুৰৰ সেনাপতি জিলাৰ এটা অঞ্চলত অসম ৰাইফলছে এক তালাচী অভিযান চলোৱাৰ কেইঘণ্টামানৰ পাছতে উন্মত্ত এদল লোকে অর্ধসামৰিক বাহিনীটোৰ শিবিৰত আক্রমণ কৰে, শিলগুটি দলিয়ায়, দুখন গাড়ী জ্বলাই দিয়ে, আৰু দুখন ট্ৰাকৰ ক্ষতিসাধন কৰে। বুধবাৰে আৰক্ষীয়ে এই কথা জনায়। অর্ধসামৰিক বাহিনীটোৰ ডিস্ট্রিক্ট টাউন কেম্পত মঙলবাৰে নিশা ৯-৩০ বজাত এই হিংসাত্মক ঘটনা সংঘটিত হয়। পাছত মাজনিশাৰ ভিতৰত নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি তথা দলটোক ছত্রভংগ দিওৱাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। আৰক্ষীৰ এজন বিষয়াই কয় যে উক্ত হিংসাত্মক ঘটনাত কোনো হতাহত হোৱা নাই আৰু সেনাপতি জিলা 'বর্তমান শান্তিপূর্ণ আৰু নিয়ন্ত্রণাধীন।' অ'কলঙৰ এন এছ চি এন (আই এম) শিবিৰৰ পৰা প্ৰায় ২ কিল'মিটাৰ আঁতৰৰ মাকুইলংডি অঞ্চলত সশস্ত্র উগ্রপন্থী থকাৰ পতিয়নযোগ্য খবৰ পাই অসম ৰাইফলছে উক্ত অঞ্চলত টহল দিছিল আৰু তালাচী অভিযান চলাইছিল।
উক্ত অভিযানৰ সময়ত অসম ৰাইফলছৰ দল মাকুইলংডি আৰু অ'কলঙ গাঁৱলৈ যাবলৈ লওঁতেই মহিলাকে ধৰি স্থানীয় বাসিন্দাই তেওঁলোকক বাধা দিয়ে। উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে নিশা ৯ বজাত খবৰ পোৱা গ'ল যে বৃহৎ সংখ্যক লোক সেনাপতি নগৰত সমবেত হৈছে আৰু নগা টাফৌ অঞ্চলৰ অসম ৰাইফল্ৰ শিবিৰৰ ফালে যোৱাৰ প্ৰস্তুতি চলাইছে।
নিশা ৯-৩০ বজাত উন্মত্ত জনতাৰ বৃহৎ এটা দল শিবিৰটোত উপস্থিত হয় আৰু শিলগুটি দলিয়ায়, সম্পত্তি নষ্ট কৰে আৰু অগ্নি সংযোগৰ চেষ্টা কৰে। দলটোৱে এখন পাতল গাড়ী জ্বলাই দিয়ে আৰু দুখন ট্রাক বগৰাই ক্ষতি কৰে। হিংসাত্মক ঘটনাৰ সময়ত ব্যক্তিগত এখন বাহনো দলটোৱে জ্বলাই দিয়ে।