জি এম চি প্রেক্ষাগৃহৰ বিভাগীয় পর্যালোচনা সভাত মন্ত্ৰী কৌশিক ৰায়, ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব ৰেছন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া

dainik janambhumi July 16, 2026

ডিজিটেল ডেস্ক : যোগ্য হিতাধিকাৰীসকলক যাতে অন্তর্ভুক্ত কৰি সঠিকভাৱে অন্নসেৱা অভিযান অব্যাহত ৰাখিব পাৰি তাৰ বাবে ৰাজ্যত ৰেছন কার্ড পুনৰীক্ষণ প্রক্রিয়া অহা ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব। ইয়াৰ বাবে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, ই কে ৱাই চি পুনৰীক্ষণ কৰি যিসকলে কার্ড পাইছে কিন্তু ছমাহ বা তাতকৈ অধিক কাল বিনামূলীয়া চাউল লোৱা নাই, তেনে সকলো হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃততে সাহায্য প্রত্যাশী পৰিয়ালে ৰেছন কার্ড লাভ কৰাৰ পথ প্রশস্ত কৰিব লাগিব। 


কালি গুৱাহাটীৰ জি এম চি প্রেক্ষাগৃহত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ সকলো স্তৰৰ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ বিভাগীয় পর্যালোচনা আৰু মত বিনিময় সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ে এইদৰে কয়। তেওঁ আৰু কয় যে বিভিন্ন জটিল ৰোগত আক্রান্ত লোকৰ বাবে ৰেছন কার্ড প্রদানৰ ক্ষেত্ৰত যি লক্ষ্য নির্ধাৰণ কৰা হৈছে, সেই লক্ষ্যত উপনীত হ'বলৈও সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিভাগৰ উচ্চ স্তৰৰ পৰা তৃণমূল পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে সুলভ মূল্যৰ দোকানীলৈকে সকলোৰে নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে ৰাজ্যখনে SMART PDS ব্যৱস্থা প্ৰৱৰ্তনত দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হ'বলৈ সক্ষম হৈছে। ইয়াৰ বাবে তেওঁ সকলোকে ধন্যবাদ জনাই কয় যে এতিয়া এই বিভাগৰ প্ৰতি জনসাধাৰণৰ আস্থা ঘূৰি আহিছে। গতিকে সকলোৰে দায়িত্ব আৰু বাঢ়িছে। ধান ক্রয় কেন্দ্ৰৰ নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা অনুকিয়াই মন্ত্ৰীগৰাকীয়ে আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষৰূপে লৈ প্ৰতিটো ক্রয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন কমিটী গঠন কৰাটো সুনিশ্চিত কৰিবলৈও তেওঁ নির্দেশ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমর্থন মূল্যত ৰাজ্য চৰকাৰে যোগোৱা অৰিহণা যাতে কেৱল খেতিয়কেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। সুলভ মূল্যৰ দোকানীসকলে প্রতিমাহৰ ২০ তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও সংশ্লিষ্ট সকলোকে তেওঁ নির্দেশ দিয়ে। তদুপৰি নিষ্ক্রিয় হৈ থকা সুলভ মূল্যৰ দোকানবিলাক পুনৰীক্ষণ কৰি বিভাগীয়ভাৱে ব্যৱস্থা ল'বলৈও তেওঁ আহ্বান জনায়। 

অহা আগষ্টৰ পৰা দাইল আৰু চেনি পুনৰ প্ৰদান কৰিবৰ বাবে লোৱা প্রস্তুতিত যাতে কোনো ত্রুটী ৰৈ নাযায় তাৰ প্ৰতি নজৰ ৰাখিবলৈও মন্ত্ৰীগৰাকীয়ে সকলোকে সকীয়াই দিয়ে। খাদ্য সুৰক্ষা নিশ্চিতকৰণ, ৰাজহুৱা বিতৰণ ব্যৱস্থা, ধান ক্রয় আদি সকলোতে স্বচ্ছতা বজাই ৰখা আৰু কল্যাণমূলক আঁচনিসমূহ ফলপ্রসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় অংগীকাৰ পুনৰ ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক 'টীম অসম' হৈ সমন্বিতভাৱে আৰু নির্দিষ্ট সময়সীমাৰ ভিতৰত সকলো কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ আগেয়ে খাদ্য, অসামৰিক যোগান আৰু নিগম লিমিটেডৰ পৰিচালন সঞ্চালক দিগন্ত দাসে অসমত ধান ক্ৰয়ৰ ধাৰা আৰু বৰ্তমানৰ ব্যৱস্থাপনা সম্পৰ্কত আৰু বিভাগৰ আয়ুক্ত হেমন্ত ভূঞাই খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ সমস্ত কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। আৰম্ভণিতে বিভাগৰ সচিব অনুসূয়া দত্ত বৰুৱাই আদৰণী ভাষণ প্রদান কৰা সভাত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন ছামালে বিভাগৰ কাৰ্যপন্থাৰ সম্পৰ্কত অৱলোকন কৰে। 

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যৰ বিষয়াসকলক একগোট কৰি মন্ত্ৰীগৰাকীৰ নিৰ্দেশত কালি প্রথমবাৰৰ বাবে এই সভাৰ আহ্বান জনোৱা হৈছিল। সভাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা বিভাগীয় বিষয়াসকল, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধান ক্রয় কেন্দ্ৰৰ পৰিচালকসকল আৰু অন্যান্য বিভাগীয় বিষয়া-কর্মচাৰীসকল উপস্থিত থাকে।

Share This