জৰুৰী গোচৰৰ মাজনিশাও শুনানি ল'ব দেশৰ আদালতে! জনতাৰ জীৱন-স্বাধীনতাৰে জড়িত বিষয়ত উচ্চতম ন্যায়ালয়ৰ বিবেচনা

dainik janambhumi July 16, 2026

ডিজিটেল ডেস্ক : জীৱন আৰু স্বাধীনতাৰ শ শ বিষয় জড়িত থকা গোচৰবোৰত যিকোনো সময়তে অভিযুক্তক ন্যায়িক সহায় প্রদানৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বিবেচনা কৰি আছে। অবৈধভাৱে আটক কৰা, আসন্ন ধ্বংস অভিযান, বিতাৰণ, জিম্মাত থকা অৱস্থাত হিংসাসহ অন্য জৰুৰী কাৰ্যপন্থাৰ ক্ষেত্ৰত জীৱন আৰু স্বাধীনতাৰ বিষয় জড়িত গোচৰবোৰৰ মাজনিশাও শুনানি লোৱাৰ বিবেচনা কৰি আছে সর্বোচ্চ আদালতে। অধিবক্তা মাহেৰাডিশ ৰেইনে দাখিল কৰা এখন লেখ আৱেদনৰ যোৱা ১৪ জুলাইত পৰীক্ষা ল'বলৈ মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মোহনৰে গঠিত তিনিজনীয়া বিচাৰপীঠ সন্মত হৈছিল। বিচাৰপীঠখনে মঙলবাৰে মত প্রকাশ কৰে যে জৰুৰী সাংবিধানিক বিষয়ত সঁহাৰি দিয়াৰ সময় হ্রাস কৰিবলৈ এখন 'ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ,' (এছ অ' পি) প্রস্তুত কৰিব লাগে।

উল্লেখযোগ্য যে আৱেদনখনত কোৱা হৈছিল যে ন্যায়ালয়ত ন্যায়িক প্রক্রিয়া যিকোনো সময়ত চলিব লাগে। আদালতৰ কৰ্মৰত সময় বৃদ্ধি কৰি হ'লেও জৰুৰী সাংবিধানিক বিষয়ৰ গোচৰসমূহৰ শুনানি ল'ব লাগে। ইয়াৰ পাছতেই সর্বোচ্চ আদালতে ৰাষ্ট্ৰজুৰি এখন এছ অ' পি জাৰিৰ বিবেচনা কৰিছে। এই এছ অ' পি জাৰিৰ বিবেচনা কৰিছে। এই এছ অ' লয় পি অনুসৰি দেশৰ উচ্চ ন্যায়ালয় আৰু সাংবিধানিক আদালতসমূহে জীৱন আৰু স্বাধীনতাৰ বিষয়ৰে জড়িত জৰুৰী গোচৰবোৰৰ শুনানি নিয়মিত কৰ্মঘণ্টাৰ বাহিৰতো ল'ব লাগিব।

এই ক্ষেত্রত মাজনিশা, পুৱাৰ সময়, যিয়েই নহওক, আদালতসমূহে হস্পিটেলৰ দৰে সাধাৰণ জনতাৰ দুখ আৰু পীড়া মোচন কৰিবলৈ জৰুৰী কাৰ্যপন্থাৰ বাবে ২৪০৭ কার্য সম্পাদন কৰাটো উচিত বুলি মুখ্য ন্যায়াধীশ সূর্য কান্তে মত প্রকাশ কৰে। মুখ্য ন্যায়াধীশে কয় যে জীৱন আৰু স্বাধীনতাৰ সৈতে জড়িত সাংবিধানিক গোচৰবোৰৰ জৰুৰী শুনানিৰ বাবে তালিকাভুক্ত কৰাৰ ক্ষেত্ৰত আদালতসমূহৰ কোনো জটিলতা নাই।

Share This