আমি একেলগে মৰিম!   প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন

Rashmi August 16, 2025

ডিজিটেল ডেস্ক :  প্ৰেমৰ বাবেই মৃত্যুক সাবটিলে এগৰাকী কিশোৰীয়ে। উত্তৰ প্ৰদেশৰ  কৌশাম্বী জিলাৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। বিহ সেৱন কৰি মৃত্যু হয় এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ। অভিযোগ অনুসৰি  প্ৰেমিকজনে তাইক বিষ সেৱন কৰিবলৈ উচটনি দিছিল আৰু নিজেও সেৱন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছত নিজে বিহ সেৱন নকৰি সেই স্থানৰ পৰা পলায়ন কৰিছিল।

ঘটনাটো পাছিম শৰিৰা থানা এলেকাৰ পাছিম শ্বৰিৰা গাঁৱৰ। একেটা চুবুৰীতে বসবাস কৰা শ্যাম বাবুৰ লগত বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে এই কথা জনাৰ পাছত প্ৰেমত বাধা দিবলৈ ধৰিলে। ইয়াৰ পিছতো দুয়োৰে সাক্ষাৎ অব্যাহত থাকিল। উপায় নাপায় ছোৱালীজনীৰ পৰিয়ালে অন্য এজন লৰাৰ সৈতে বিয়া ঠিক কৰে। দুদিন মানৰ পাছত এংগেজমেণ্ট আছিল দুয়োৰে।

এংগেজমেণ্টৰ খবৰ পোৱাৰ লগে লগে প্ৰেমিকজনে ছোৱালীজনীক লগ কৰে আৰু দুয়োজনে বিহ সেৱন কৰি মৃত্যুক সাবটি লোৱাৰ সিদ্ধান্ত লয়। প্ৰেমিকে ছোৱালীজনীক কৈছিল ''আহা আমি বিহপান কৰোঁ আৰু একেলগে মৃত্যুক সাবটি লওঁ।'' প্ৰেমিকৰ জোৰত ছোৱালীজনীয়ে বিহ সেৱন কৰিলে, কিন্তু প্ৰেমিকে নিজে সেৱন নকৰি তাৰ পৰা পলাই গ’ল। যেতিয়া ছোৱালীজনীৰ অৱস্থা অধিক বেয়া হৈ পৰে তেতিয়া পৰিয়ালে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়, তাৰ পৰাই তেওঁক সংকটজনক অৱস্থাত প্ৰয়াগৰাজৰ এছ আৰ এন হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বাটতে তেওঁৰ মৃত্যু হয়।

মৃত ছোৱালীজনীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত শ্যাম বাবুক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সন্দৰ্ভত ডি এছ পি জে পি পাণ্ডেই কয় যে অভিযুক্তক জেৰা কৰাৰ পিছত তেওঁক আদালতত হাজিৰ কৰা হ’ব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This