ডিজিটেল ডেস্কঃ যদি আপুনি এতিয়াও আপোনাৰ পুৰণি PAN কাৰ্ড ব্যৱহাৰ কৰি আছে তেন্তে সাৱধান হওক। যিসকল কাৰ্ডধাৰীৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ আছে, তেওঁলোকৰ বিৰুদ্ধে আয়কৰ বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে ।
আয়কৰ আইনৰ ২৭২বি ধাৰাত নিষ্ক্ৰিয় পেন কাৰ্ড ব্যৱহাৰ কৰিলে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। বহু কৰদাতাই অজ্ঞাত যে তেওঁলোকৰ পান কাৰ্ড এতিয়া বৈধ নহয়। তেওঁলোকে অজানিতে ইয়াক ব্যৱহাৰ কৰি আছে, যাৰ বাবে এতিয়া তেওঁলোক পৰিব পাৰে বিপদত ।
কৰ বিশেষজ্ঞৰ মতে, যিসকলে এতিয়াও পেন কাৰ্ড আধাৰৰ সৈতে লিংক কৰা নাই, তেওঁলোকৰ পেন নিষ্ক্ৰিয় হৈ পৰিছে। এনে পৰিস্থিতিত আধাৰৰ সৈতে লিংক কৰাৰ প্ৰক্ৰিয়াটো অতি সোনকালে সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ, যাতে যিকোনো ধৰণৰ আৰ্থিক শাস্তি বা আইনী ব্যৱস্থাৰ পৰা হাত সাৰিব পৰা যায়।
কি কি কামত পান কাৰ্ড ব্যৱহাৰ কৰা হয়?
কেৱল আয়কৰ ৰিটাৰ্ন (আই টি আৰ) দাখিল কৰাৰ বাবেই নহয় বেংকিং, বিনিয়োগ, সম্পত্তি ক্ৰয় আৰু বিক্ৰী, ঋণৰ আৱেদন আৰু অন্যান্য ডাঙৰ বিত্তীয় লেনদেনত পেন কাৰ্ড বাধ্যতামূলক। নিষ্ক্ৰিয় কাৰ্ড ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক কামত বাধা আহিব পাৰে আৰু আপুনিও যথেষ্ট জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।
আপোনাৰ পেন কাৰ্ড সক্ৰিয় আছে নে নাই এনেদৰে জানক
এতিয়া আপুনি ঘৰত বহি পান কাৰ্ড সক্ৰিয় আছে নে নাই জানিব পাৰিব। ইয়াৰ বাবে আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবছাইটত গৈ আপোনাৰ পেন পৰীক্ষা কৰাৰ বিকল্পটো নিৰ্বাচন কৰক। অনুৰোধ কৰা তথ্য যেনে পেন নম্বৰ, সম্পূৰ্ণ নাম, জন্ম তাৰিখ আৰু ম'বাইল নম্বৰ প্ৰৱেশ কৰক। OTP ৰ পিছত আপোনাৰ PAN status স্ক্ৰীনত ওলাব। যদি ই নিষ্ক্ৰিয় হয়, তেন্তে তৎক্ষণাৎ আধাৰৰ সৈতে লিংক কৰক।
উৎস: প্ৰাগ নিউজ ডিজিটেল