ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত সোমবাৰে আৰু কালি বিনিয়োগকাৰী বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হয়। শ্বেয়াৰ বজাৰত দুয়ো দিন সূচকাংকৰ পতন অব্যাহত থাকে আৰু ইয়াৰ ফলত সপ্তাহটোৰ প্ৰথম দুটা দিনত বিনিয়োগকাৰীৰ মুঠ ৯ লাখ কোটি টকা লোকচান হয়। কেৱল কালিৰ দিনটোত হোৱা লোকচানৰ পৰিমাণ আছিল প্রায় ৬ লাখ কোটি টকা। সোমবাৰে লোকচান হৈছিল ৩ লাখ কোটি টকা। কালি বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক নিফটিৰ বৃহৎ হাৰত পতন দেখা পোৱা যায়। কালি দিনটোৰ লেনদেন চলি থকা অৱস্থাত এটা সময়ত ছেনছেক্স প্রায় ১০০০তকৈ অধিক পইন্ট অৱনমিত হৈ ৭৬,১০০ পইন্ট হয়গৈ।
আনহাতে ৫০টা শ্বেয়াৰৰ নিফটি প্রায় ৩০০ পইন্ট অৱনমিত হৈ এটা সময়ত ২৩.৮০০ পইন্ট হয়গৈ। ইয়াৰ ফলত বিনিয়োগকাৰী বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হয়। অৱশ্যে পাছত পৰিস্থিত সামান্য উন্নত হয়। কালি বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স ৮৯৩.৩৯ পইন্ট অৱনমিত হৈ ৭৬,২০০.৬৮ পইন্ট হয়গৈ। আনহাতে নিফটি ২৭৮.৮০ পইন্ট অৱনমিত হৈ ২৩,৮২৪.১০ পইন্ট হয়। ইয়াৰ ফলত ছেনছেক্সৰ তালিকাভুক্ত কোম্পানীবোৰৰ বজাৰ মূলধন প্রায় ৬ লাখ কোটি টকা হ্রাস পাই ৪৭৫ লাখ কোটি টকা হয়গৈ। কালি শ্বেয়াৰ বজাৰত সূচকাংকৰ পতনৰ কেইবাটাও কাৰণ আছে। ইয়াৰ ভিতৰত অন্যতম হ'ল তথ্য প্রযুক্তি আৰু ধাতুৰ কোম্পানীৰ শ্বেয়াৰৰ বিক্ৰী বৃদ্ধি পোৱাটো। বিশ্বৰ আগশাৰীৰ তথ্য প্ৰযুক্তিৰ কোম্পানী একচেনচাৰে নিজৰ বার্ষিক আয়ৰ অনুমান হ্রাস কৰে। ইয়াৰ পৰা স্পষ্ট ইংগিত পোৱা গৈছে যে বিশ্বৰ কোম্পানীসমূহে এতিয়া ডিজিটেল ট্রেন্সফর্মেশ্যন আৰু আই টি কনছাল্টিঙৰ বৃহৎ প্রকল্পসমূহত ধন বিনিয়োগ কৰিবলৈ সংকোচ বোধ কৰিছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ ভাৰতীয় তথ্য প্রযুক্তিৰ কোম্পানীসমূহত পৰিছে। ইফালে দক্ষিণ কোৰিয়াৰ শ্বেয়াৰ বজাৰৰ প্ৰভাৱো ভাৰতীয় বজাৰত পৰে।
কোৰিয়াৰ শ্বেয়াৰ বজাৰৰ সূচকাংক কম্পীৰ কালি বৃহৎ পতন হয়। কালি কস্পী প্রায় ১০% অৱনমিত হয়। কস্পীৰ পতনৰ ফলত তিনি ঘণ্টাত বিনিয়োগকাৰীৰ প্ৰায় ২৩ লাখ কোটি টকাৰ লোকচান হয়। কস্পীৰ অধিক পতন প্ৰতিৰোধ কৰিবলৈ শ্বেয়াৰ বজাৰৰ লেনদেন প্রায় ২০ মিনিট বন্ধ ৰাখিবলগীয়া হয়। কালি ছেমছাং ইলেক্ট্রনিকছৰ শ্বেয়াৰৰ মূল্য প্রায় ১৩% আৰু এছ কে হাইনিক্সৰ শ্বেয়াৰৰ মূল্য প্রায় ১২% হ্রাস পায়। ইয়াৰ প্ৰভাৱ ভাৰতীয় বিনিয়োগকাৰীৰ ওপৰতো পৰে।
ইফালে আমেৰিকাত সুতৰ হাৰ আৰু বণ্ডৰ পৰা পোৱা লাভ বৃদ্ধি পোৱাৰ আশাত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়াই নি আমেৰিকাত বিনিয়োগ কৰিবলৈ লোৱাৰ ফলতো সূচকাংকৰ পতন ঘটে। ইফালে কালি ডলাৰৰ তুলনাত টকাৰ মূল্য প্রায় ১৬ পইচা হ্রাস পাই ৯৪.৮৩ টকা হয়গৈ। ইয়াৰ প্ৰভাৱো শ্বেয়াৰ বজাৰত পৰে।