উঃ প্ৰদেশ চৰকাৰক এছ আই টিৰ প্ৰতিবেদন, ৰাম মন্দিৰৰ ২০০ কোটিৰো অধিক টকা, সোণ আত্মসাৎ

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙনি চুৰিৰ ঘটনাৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে (এছ আই টি) মঙলবাৰে ৰাজ্য চৰকাৰৰ হাতত প্রাথমিক তদন্তৰ প্ৰতিবেদন দাখিল কৰে। সূত্রমতে, ইয়াত এফ আই আৰ ৰুজু কৰিবলৈ আৰু শ্ৰীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাস পুনৰ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। 

কোনো জ্যেষ্ঠ নেতাক মন্দিৰৰ মুখ্য কার্যবাহী বিষয়া (চি ই অ') নিযুক্তি কৰিবলৈও প্রতিবেদনত পৰামৰ্শ দিয়া হৈছে। এই প্রাথমিক প্রতিবেদন লক্ষ্ণৌ সংমণ্ডলীয় আয়ুক্ত বিজয় বিশ্বাস পন্তে অতিৰিক্ত মুখ্য সচিব (গৃহ) সঞ্জয় প্ৰসাদৰ হাতত অর্পণ কৰে। সূত্ৰসমূহৰ মতে ২০ পৃষ্ঠাৰ এই প্ৰাথমিক প্রতিবেদনত ১৫০জন লোকৰ জেৰাৰ বিষয়ে বিস্তৃতভাৱে জনোৱা হৈছে। সূত্ৰৰ মতে এছ আই টিয়ে যোৱা ৫ বছৰৰ দান-বৰঙনিৰ হিচাপ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। প্রতিৱেদনত শ্ৰীৰাম জনমভূমি তীর্থক্ষেত্ৰ ন্যাসৰ বিষয়ববীয়াৰ ভূমিকাৰ সন্দৰ্ভতো প্রশ্ন উত্থাপন কৰা হৈছে। সূত্র মতে এই প্রতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিব। ইয়াৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্র্যালয়ে সিদ্ধান্ত ল'ব- ন্যাসত কোন কোন সদস্যক ৰখা হ'ব আৰু কোন কোন সদস্যক অপসাৰণ কৰা হ'ব। 

উল্লেখযোগ্য যে অযোধ্যৰ ৰাম মন্দিৰে লাভ কৰা দান-বৰঙনি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত মন্দিৰৰ ন্যাসে কৰা অনুৰোধত উত্তৰ প্ৰদেশ চৰকাৰে যোৱা ১৩ জুনত এছ আই টি গঠন কৰিছিল। উল্লেখযোগ্য যে ৰাম মন্দিৰৰ দান-বৰঙনি চুৰিৰ ঘটনাত অভিযুক্ত ৫জন লোক ক্রমে লৱকুশ মিশ্র, অৱনীশ, অনুকল্প মিশ্র, কৰুণে আৰু ৰামশংকৰ ওৰফে টিনু যাদৱৰ পৰা নগদ ২ কোটি টকা জব্দ কৰে। ইয়াৰ উপৰি শ্ৰীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসৰ সাধাৰণ সম্পাদক সম্পত ৰায়ৰ ঘনিষ্ঠ টিনু যাদৱৰ ঘৰৰ পৰা সোণ জব্দ কৰিছিল। 

প্ৰাথমিক অনুমান অনুসৰি, চুৰি বা আত্মসাৎ কৰা ধনৰ পৰিমাণ ২০০ কোটিতকৈ অধিক হ'ব। সূত্র মতে এছ আই টিয়ে ন্যাসৰ সাধাৰণ সম্পাদক সম্পত ৰায়, সদস্য ডাঃ অনিল মিশ্র, ব্যৱস্থাপক গোপাল ৰাও, ব্যৱস্থাপনাৰ সৈতে জড়িত ৰামশংকৰ যাদৱ (টিন্নু)ৰ সৈতে মুঠ ১৪জন লোকক অভিযুক্ত কৰিছে।

Share This