ডিজিটেল ডেস্ক : অসমৰ ফুটবল ইতিহাসত গৌৰৱৰ নতুন অধ্যায় সন্নিবিষ্ট কৰি বড়োলেণ্ড এফ চিয়ে ৰাজ্যৰ প্ৰথমটো ক্লাব হিচাপে চলিত ১৩৪সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনৰ মঙলবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ 'ডি'ৰ অন্তিমখন মেচত বড়োলেগু এফ চিয়ে ৪-০ গ'লত আই টি বি পি ফুটবল দলক হৰুৱাই প্রতিযোগিতাত অপৰাজেয় ধাৰা অব্যাহত ৰাখি গ্ৰুপৰ শীর্ষ দল হিচাপে নকআউট ৰাউণ্ডলৈ অগ্ৰসৰ হয়। উল্লেখযোগ্য যে গ্ৰুপৰ প্রথম দুখন মেচত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ বাবে মঙলবাৰৰ মেচখনত বড়োলেও এফ চিক কেৱল ড্ৰৰ প্ৰয়োজন আছিল।
পিছে প্রথমার্ধতে তিনিটা গ'ল দিয়া বড়োলেণ্ড এফ চিয়ে নিজৰ লক্ষ্য আৰু সপোনৰ পৰা এবাৰো বিচলিত হোৱা নাছিল। ২৫ মিনিটত দলৰ হৈ প্ৰথমটো গ'ল দিয়ে টিমোটিহিয়ে। আনহাতে, ৩৭ মিনিটত দলে লাভ কৰা পেনাল্টিক পেড্রোৰে গ'ললৈ ৰূপান্তৰ কৰি ব্যৱধান ২-০ কৰিবলৈ সক্ষম হয়। বিৰতিৰ পূৰ্বে বড়োলেণ্ডৰ হৈ তৃতীয়টো গ'ল দিয়ে গগমছাৰে (৪০ মিনিট)। আব্দুলে ৮২ মিনিটত চতুর্থটো গ'ল দি বড়োলেণ্ড এফ চিৰ জয়যাত্রা অব্যাহত ৰাখে।