হিউষ্টন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, 'মই এটি নিশাচৰ লৈ ৱৰ্ল্ডফেষ্ট ৰেমি বঁটা

dainik janambhumi May 04, 2026

ডিজিটেল ডেস্ক: বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত সফল যাত্রা অব্যাহত ৰাখি অসমীয়া চলচ্চিত্র 'মই এটি নিশাচৰ'এ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত অনুষ্ঠিত হোৱা হিউষ্টন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দুটা শিতানত ৱৰ্ল্ডফেষ্ট ৰেমি এৱাৰ্ডছ' জয় কৰিবলৈ সক্ষম হয়। এই মহোৎসৱত ২২খন দেশৰ ভিতৰত 'মই এটি নিশাচৰ' একমাত্ৰ ভাৰতীয় পূর্ণদৈৰ্ঘ্যৰ ছবি আছিল। 

মহোৎসৱত অনুষ্ঠিত বিভিন্ন শিতানৰ বিশ্ব প্রতিযোগিতাত 'মই এটি নিশাচৰ'লৈ শ্রেষ্ঠ ছবিৰ 'প্লেটিনাম ৰেমি এৱাৰ্ড' আৰু পল্লৱী কটকীলৈ শ্রেষ্ঠ সম্পাদকৰ 'গ'ল্ড ৰেমি এৱাৰ্ড' আগবঢ়োৱা হয়। এই অনুষ্ঠানতেই 'মই এটি নিশাচৰ'ৰ ৱৰ্ল্ড প্রিমিয়াৰো সম্পন্ন হয়। বিশেষ দর্শনীত পৰিচালক আৰু সহঃ চিত্রকাহিনী লেখক যছ ৰাফেলছনৰ উপস্থিতিত বিশ্বৰ বিভিন্ন দৰ্শকৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হয়। 

বিদ্যুৎ কটকীৰ দ্বাৰা পৰিচালিত আৰু অসমৰ খ্যাতনামা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা লিখিত 'মই এটি নিশাচৰ' ছবিখন প্ৰযোজনা কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম আৰু ৰেড ৰিভাৰ এণ্ড ব্লু হিলছে। এই সন্দৰ্ভত ছবিখনৰ পৰিচালক বিদ্যুৎ কটকীয়ে কয়, 'আমাৰ চলচ্চিত্ৰৰ জৰিয়তে আমেৰিকাৰ টেক্সাছলৈ অসমৰ এটি অংশ লৈ যাব পাৰাটো আমাৰ বাবে এক বিশেষ আনন্দৰ বিষয়। যদিও ছবিখন অসমৰ এখন ভিতৰুৱা গাঁৱৰ পটভূমিক লৈ আৰু অলপতে এৰি অহা অতীতৰ এক নির্দিষ্ট সময়ক কেন্দ্ৰ কৰি নিৰ্মিত, বর্ণিত কাহিনীয়ে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে যে আজিৰ পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে আমি সন্মুখীন হোৱা সামাজিক আৰু ৰাজনৈতিক সমস্যাসমূহ একেধৰণৰ।' 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও 'মই এটি নিশাচৰ' চলচ্চিত্ৰখনে একোলেড বিশ্ব চলচ্চিত্র প্রতিযোগিতাত উৎকৃষ্টতাৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি আমেৰিকাৰ মন্টানা ৰাজ্যৰ বিউট চহৰত অনুষ্ঠিত কভেলাইট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈও নির্বাচিত হৈছে। বিদ্যুৎ কটকীয়ে পৰিচালনা কৰা ছবিখনৰ কাহিনী অনুৰাধা শৰ্মা পূজাৰীৰ, দৃশ্যগ্রহণত মধু আম্বট, সম্পাদনাত পল্লৱী কটকী, শব্দ গ্রহণ আৰু মিশ্রণত ভাস্কৰ ৰয়, সুলগ্না সন্দিকৈ, সংগীতত অজয় সিংহ আৰু শীর্ষ গীতত কণ্ঠদান কৰিছে নীলোৎপল বৰাই। 

আনহাতে, ছবিখনত প্রাঞ্জল শইকীয়া, অৰুণ নাথ, গুণমণি বৰুৱা, ডৰথী ভৰদ্বাজ, জ্যোতিনাৰায়ণ নাথ, অৰুণ হাজৰিকা, অৰ্ঘদীপ বৰুৱা, কৌশিক নাথ, হিৰণ্য ডেকা, সঞ্জীৱ সভাপণ্ডিত, পূর্ণিমা পাঠক, নিকুমণি বৰুৱা আৰু অতুল পাচনীয়ে অভিনয় কৰিছে।

Share This